thumbnail

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 7:57 PM IST

ETV Bharat / Videos

Illegal Burmese supari burnt: ডিফুত 19,945 কেজি বাৰ্মিজ চুপাৰি দাহ আৰক্ষীৰ

ডিফু, 11 ছেপ্টেম্বৰ : সোমবাৰে কাৰ্বি আংলং জিলাৰ ডিফুত জব্দ কৰা অবৈধ বাৰ্মিজ চুপাৰি দাহ কৰে আৰক্ষীয়ে ৷ নিচাযুক্ত ড্ৰাগছৰ সমান্তৰালকৈ এইবাৰ ডিফুত বস্তাই বস্তাই দাহ কৰা হৈছে অবৈধ বাৰ্মিজ চুপাৰি ৷ বিগত দিনকেইটাত কাৰ্বি আংলং জিলাৰ কেইবাটাও প্ৰান্তত  ড্ৰাগছ আৰু অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ৷ 

ইয়াৰ পিচতে আজি ডিফুৰ সাত মাইলত দাহ কৰা হয় জব্দকৃত অবৈধ  19,945 কেজি বাৰ্মিজ চুপাৰি  ৷ দুটা গোচৰৰ ভিত্তিত জব্দকৃত চুপাৰিখিনি ডিফু জিলা সত্ৰ ও ন্যায়িক আদালতৰ নিৰ্দেশ অনুসৰি দাহ কৰা হয় ৷ কাৰ্বি আংলঙৰ মাঞ্জা আৰু বৰলাংফাৰ আৰক্ষী থানাই জব্দ কৰিছিল চুপাৰিখিনি ৷ অবৈধ বাৰ্মিজ চুপাৰি দহন কাৰ্যসূচীত কাৰ্যবাহী দণ্ডাধীশ অৰুণাভ জ্যোতি বৰুৱা আৰু কাৰ্বি আংলং জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নয়নজ্যোতি বৰ্মন উপস্থিত থাকে ৷

লগতে পঢ়ক: 3 murder case in Dibrugarh: তিনিটাকৈ হত্যাকাণ্ডই জোকাৰিছে ডিব্ৰুগড়, আৰক্ষী অধীক্ষকৰ সংবাদমেল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.