thumbnail

By

Published : Apr 28, 2023, 11:00 PM IST

ETV Bharat / Videos

Husband kills wife: পত্নীক হত্যা কৰি টুকুৰা টুকুৰকৈ কাটি পেলাই দিলে স্বামীয়ে

আগৰতলা, 28 এপ্ৰিল : ত্ৰিপুৰাৰ আগৰতলাত জঘন্য ঘটনা সংঘটিত হৈছে (Murder case in Agartala)৷ স্বামীয়ে হত্যা কৰি টুকুৰা টুকুৰকৈ কাটিলে পত্নীক ৷ প্ৰথমে কায়ুমে হত্যা কৰে পত্নীক, তাৰ পিচত টুকুৰা টুকুৰ কৰি বেগত ভৰাই পেলাই দিলে পত্নীৰ মৃতদেহ (Husband kills wife)৷ ত্ৰিপুৰা আৰক্ষীৰ পশ্চিম জিলাৰ আৰক্ষী অধীক্ষক কিৰণ কুমাৰ ৰেড্ডীয়ে জনোৱা অনুসৰি বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল তনুজা বেগম নামৰ মহিলাগৰাকী (Husband cut wife body into pieces) ৷ শুকুৰবাৰে মহিলাগৰাকীৰ পিতৃগৃহৰ লোকে আৰক্ষী থানাত নিখোজ হৈ থকাৰ গোচৰ ৰুজু কৰিছিল ৷ 

এই গোচৰৰ ভিত্তিত ত্ৰিপুৰা আৰক্ষীয়ে মহিলাগৰাকীৰ সন্ধান চলাই স্বামী কায়ুম মিঞাক সোধা পোছাৰ বাবে মাতি লৈ আহে ৷ কিন্তু আৰক্ষীৰ প্ৰশ্নত কায়ুমৰ উত্তৰৰ সামঞ্জস্য নেদেখি সন্দেহৰ হয় আৰক্ষীৰ ৷ তাৰ পিচতেই আৰক্ষীয়ে কায়ুমৰ বাসগৃহত অভিযান চলাঁওতে তেজৰ চেকুৰা পৰিলক্ষিত কৰে ৷ আৰক্ষীয়ে ফৰেনছিক দলটোক সেই স্থানলৈ লৈ গৈ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাত সেয়া মানুহৰ তেজ বুলি নিশ্চিত কৰে ।  

লগতে পঢ়ক: Andhra suicide case: পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাচতেই অন্ধ্ৰপ্ৰদেশত ৯ গৰাকী শিক্ষাৰ্থীৰ আত্মহত্যা

পৰৱৰ্তী সময়ত আৰক্ষীয়ে কায়ুম মিঞাক একেৰাহে জেৰা কৰাত কায়ুমে পত্নীক হত্যা কৰি নদীৰ পাৰৰ পৰিত্যক্ত ঠাইত পেলাই দিয়াৰ কথা স্বীকাৰ কৰে। ইয়াৰ পিচতে আৰক্ষীয়ে কায়ুমক লগত লৈ আহৰিয়াৰ পৰিত্যক্ত অঞ্চলত তালাচী চলাই মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে (Accused husband arrested) ৷ সম্প্ৰতি আৰক্ষীয়ে কায়ুমক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.