Husband attacks wife: সিন্ধি খান্দি পত্নীক দাৰে আক্ৰমন স্বামীৰ

By

Published : Dec 15, 2022, 2:25 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

গোৰেশ্বৰত ভংয়কৰ ঘটনা (Attempt to murder case at Goreswar)৷ সিন্ধি খান্দি পত্নীক দাৰে আক্ৰমন কৰে স্বামীয়ে ৷ বুধবাৰে নিশা ঘৰৰ গাঁত খান্দি স্বামী চৰিক আলীয়ে শোৱনি কোঠাত প্ৰৱেশ কৰি শুই থকা অৱস্থাত পত্নীক দাৰে আক্ৰমন কৰে (Husband attacks wife)৷ লগতে ঘৰৰ বহু মুল্যবান নথিপত্ৰ, সামগ্ৰী চুৰি কৰি লৈ যায় (Husband attacks wife at Goreswar)৷ উলেখ্য যে ২ নং চিকৰিবাৰীৰ চৰিক আলীৰ লগত মহিলাগৰাকীয়ে ৮ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল যদিও চৰিক আলীয়ে বহু অত্যাচাৰ চলোৱাৰ বাবে ৭ মাহ পূৰ্বে মাতৃগৃহত আশ্ৰয় লৈছিল মহিলাগৰাকীয়ে ৷ ইয়াৰ বাবেই খৰ্গহস্ত হৈ স্বামী চৰিক আলীয়ে পত্নীক হত্যাৰ চেষ্টা চলোৱা বুলি মন্তব্য কৰে ভুক্তভোগী মহিলাগৰাকীয়ে ৷ এই ঘটনাৰ পিছতে ভুক্তভোগী মহিলাগৰাকীয়ে গোৰেশ্বৰ আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.