Timber seized:ডুমডুমাৰ তৰাণীত বৃহৎ পৰিমাণৰ হোলোং কাঠ জব্দ - ডুমডুমা বন সংমণ্ডল
🎬 Watch Now: Feature Video
তিনিচুকীয়া, ১৮ আগষ্ট : তিনিচুকীয়া জিলাৰ সংৰক্ষিত বনাঞ্চলসমূহত প্ৰতিদিনাই চলি আছে বন্যদস্যুৰ হাঁতোৰা । ডুমডুমা বন সংমণ্ডলৰ অধীনৰ খাটাংপানী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনত আছে তিনিখনকৈ সংৰক্ষিত বনাঞ্চল ।
সংৰক্ষিত বনাঞ্চলসমূহ এতিয়া বনাঞ্চল হৈ থকা নাই, হৈ পৰিছে বৃহৎ বৃহৎ খেলপথাৰ । শুকুৰবাৰে খাটাংপানী আঞ্চলিক বন বিভাগে পেঙেৰী তৰাণীত অভিযান চলাই উদ্ধাৰ কৰে ১০০ কেবি জাতীয় হোলোং গছৰ কাঠ । পেঙেৰী তৰাণীৰ মেলেক মৰাণৰ চাহ বাগানৰ পৰা বন বিভাগৰ লোকে উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ হোলোং কাঠ ।
মেলেক মৰাণে তৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা হোলোং গছ মেচিনেৰে বৃহৎ আকাৰত ফালি আনি পুনৰ নিজৰ চাহ বাগিচাত সৰু সৰু কৰি দীৰ্ঘদিন ধৰি ব্যৱসায় চলাই আহিছিল । বন বিভাগৰ লোক অহাৰ খবৰ পাই মেলেক মৰাণে কাঠফলা মেচিন লৈ পলাই যাবলৈ সক্ষম হয় ৷