Illegal timber seized in Chirang: চিৰাঙৰ হাতীপোতাত চোৰাং কাঠ জব্দ - Smuggled timber seized at Ripu Chirang Forest

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 5, 2023, 1:17 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

চিৰাঙ,৫ ফেব্ৰুৱাৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবাধে চলি আছে বন ধ্বংসযজ্ঞ (Deforestation in Assam Forests) । বনাঞ্চল ধ্বংস কৰি একাংশই চলাই গৈছে কাঠৰ চোৰাং ব্যৱসায় । কৰ'বাত যদি বন বিভাগৰ চকুৰ সন্মুখতে, আন কৰ'বাত আকৌ বন বিভাগৰ চকুত ধূলি মাৰি চলাই গৈছে এই অবৈধ ব্যৱসায় । চিৰাং জিলাতো দেখা পোৱা গৈছে অবাধে চলি আছে চোৰাং কাঠৰ ক'লা ব্যৱসায় । অৱশ্যে এই ক্ষেত্ৰত সষ্টম হৈ পৰিছে বন বিভাগ ।

বিগত কেইবাটাও দিনত বন বিভাগে চোৰাং কাঠৰ ব্য়ৱসায়ীৰ বিৰুদ্ধে চলাই গৈছে অভিযান । শনিবাৰে নিশাৰ ভাগতো চিৰাঙত চলিল বন বিভাগৰ অভিযান । চিৰাঙৰ হাতীপোতাত চিৰাং বনবিভাগে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ (timber seized in Chirang) । নিশা আন্ধাৰৰ সুযোগ লৈ চোৰাং কাঠ ব্যৱসায়ীয়ে কাঠখিনি হাতীপোতালৈ লৈ আহিছিল বুলি জানিবলৈ দিয়ে বন বিভাগৰ লোকে ।

হাতীপোতালৈ লৈ যোৱাৰ সময়তে স্থানীয় ৰাইজে কাঠখিনি প্ৰত্যক্ষ কৰি চিৰাঙৰ বন বিভাগৰ লোকক খবৰ দিয়ে । লগে লগে বন বিভাগৰ লোক উপস্থিত হৈ কাঠ খিনি জব্দ কৰে যদিও কোনো লোকক আটক সক্ষম হোৱা নাই (Large quantities of timber seized at Chirang) । বন বিভাগৰ লোক অহাৰ উমান পাই চোৰাং কাঠ ব্যৱসায়ীয়ে কাঠখিনি কঢ়িয়াই অনা ট্ৰেক্টৰখন সেই স্থানতে এৰি পলায়ন কৰে বুলি জানিব পৰা গৈছে । 

উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰিপু সংৰক্ষিত বনাঞ্চলৰ কলোবাৰী আৰু ওদালগুৰি গাঁৱৰ পৰা প্ৰায় বিশ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ কৰিলৈ সক্ষম হৈছিল বন বিভাগ (Smuggled timber seized at Ripu Chirang Forest) । লক্ষ্যনীয় বিষয় যে, মাজে সময়ে চিৰাঙত বন বিভাগৰ লোকে বৃহৎ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় যদিও কি কাৰণত চোৰাং ব্যৱসায়ীসকলক আটক কৰিব পৰা নাই এয়া এক ডাঙৰ প্ৰশ্ন হৈছে । বন বিভাগৰ চকুত ধুলি দি বন মাফিয়াই চোৰাং কাঠৰ ব্যৱসায় অব্যাহত ৰখাত বন বিভাগৰ একাংশ লোকলৈও সন্দেহৰ আঙুলি উঠিছে । 

লগতে পঢ়ক: Hindu Bengalis in Assam: অসমত চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ হিন্দু বঙালীসকলৰ

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.