Fire break out in Bilasipara: বিধ্বংসী অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ ক্ষতি - বৈদ্যুতিক শ্বৰ্ট চাকিৰ্টৰ ফলত জুইৰ সূত্ৰপাত
🎬 Watch Now: Feature Video


Published : Nov 8, 2023, 1:36 PM IST
বিলাসীপাৰা, 8 নৱেম্বৰ: ধুবুৰী জিলাৰ বিলাসীপাৰাত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । বিলাসীপাৰা মহকুমাৰ কাজাইকাটা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ঝেলটুৰ চৰ প্ৰথম গাওঁত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত নিমিষতে ছাৰখাৰ হ'ল একেটা পৰিয়ালৰ চাৰিটাকৈ বাসগৃহ ।
বৈদ্যুতিক শ্বৰ্ট চাকিৰ্টৰ ফলত জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰিছে ৰাইজ তথা পৰিয়ালৰ লোকে । গাওঁখনৰ আব্দুল ৰশিদ, ওমৰ আলী, মগবুল হোছেন আৰু আবু বাক্কাৰৰ বাসগৃহ জুইত সম্পূৰ্ণৰূপে ধ্বংস হয় । অগ্নিকাণ্ডৰ ফলত ঘৰত থকা ধান, চাউলকে ধৰি প্ৰয়োজনীয় নথি-পত্ৰসহ সকলো নষ্ট হৈ যায় ।
জুইত ভস্মীভূত হোৱাৰ ফলত 12 লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হয় । যাতায়তৰ সু-ব্যৱস্থাৰ নথকাৰ বাবেই অগ্নি নিৰ্বাপক বাহিনী গাড়ী সময়মতে উপস্থিত হ’ব নোৱাৰাত স্থানীয় ৰাইজে তৎপৰতাৰে জুই নুমুৱাবলৈ সক্ষম হয় ।