Horrific road accident: স্কুটী আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 10:44 AM IST

thumbnail

হোজাই, 14 নৱেম্বৰ: পোহৰৰ উৎসৱ দীপাৱলীৰ উদযাপনৰ মাজতে সোমবাৰে নিশা লংকাত স্কুটী আৰু বাইকৰ মাজত ভয়াবহ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত ৩ জনকৈ বাইক আৰোহী গুৰুতৰভাৱে আহত হয় ৷ লংকাৰ শ্বিলং ৰোডত সংঘটিত হয় এই দুৰ্ঘটনাটো । 

আহত তিনিও যুৱকক প্ৰথমে লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল যদিও অৱস্থা সংকটজনক হোৱাত তিনিওজনকে ততাতৈয়াকৈ হোজাইলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷ আহত তিনিজন যুৱকৰ ভিতৰত দুজনৰ নাম ক্ৰমে লংকাৰ বিটু শীল, কৃষ শীল বুলি জানিব পৰা গৈছে ৷ ইফালে আনজন যুৱকৰ নাম জানিব পৰা হোৱা নাই ৷

স্কুটী আৰু বাইকৰ মাজত সংঘটিত হোৱা এই সংঘৰ্ষ ইমানেই ভয়াবহ আছিল যে বাইকখনৰ সন্মুখভাগ ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে স্কুটীখন সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হৈ পৰে ।

লগতে পঢ়ক: Drugs Seized : কঠিয়াতলীৰ ৰেংবেঙত ড্ৰাগছসহ আটক দুটা সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.