Fined: হিৰ’ হ’বলৈ গৈ ছাজিদে ভৰিলে 10 হাজাৰ টকা জৰিমণা

By

Published : Jul 30, 2023, 8:50 AM IST

thumbnail

হোজাই, 30 জুলাই : আপোনাৰ সন্তান কলেজত পঢ়ি আছে নেকি ? যদি পঢ়ি আছে তেতিয়াহ’লে আপুনি কলেজত অহা-যোৱা কৰিবলৈ মৰমৰ সন্তানটোক এখন নিশ্চয় বাইক কিনি দিছে । যদি আপুনি আপোনাৰ সন্তানটোক বাইক কিনি দিছে, তেনেহ’লে আপুনিও সাৱধান হওক । আপোনাৰ অজ্ঞাতে আপোনাৰ সন্তানে বাইকত উচ্চ শব্দ সম্পূৰ্ণ চাইলেঞ্চচাৰ লগাই ৰাষ্ট্ৰীয় ঘাইপথত ষ্টাণ্ট দেখুৱাই আপোনাকো পেলাব পাৰে বিপদত । তেনে এক ঘটনা ঘটিল হোজাইৰ লংকাত ।

যুৱক জনৰ নাম ছাজিদ আলম । যুৱকজন উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ । যুৱকজন কলেজত যোৱা পৰিৱৰ্তে বাইকলৈ লংকাৰ ৰাজপথত ষ্টাণ্ট দেখুৱাই ঘূৰি ফুৰোতে লংকাৰ যান-বাহন আৰক্ষীয়ে জব্দ কৰে বাইকখন । পৰৱৰ্তী সময়ত বাইকখনৰ উচ্চ শব্দ সম্পূৰ্ণ চাইলেঞ্চচাৰ খুলিবলৈ নিদেৰ্শ দিয়াৰ লগতে 10 হাজাৰ টকাৰ জৰিমণা বিহে লংকা আৰক্ষীয়ে ।

লগতে পঢ়ক : Car stunt viral video : চিলাপথাৰৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত উদণ্ড যুৱকৰ কাৰ ষ্টাণ্ট

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.