Historic Ganesh Temple : পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হ'ব ঔগুৰি পাহাৰৰ ঐতিহাসিক গণেশ মন্দিৰ

By

Published : Feb 4, 2023, 8:44 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

thumbnail

তেজপুৰ, ৪ ফেব্ৰুৱাৰী : সংস্কৃতিৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ঐতিহাসিক তেজপুৰ চহৰ । কিন্তু তেজপুৰত এতিয়াও বহুতো পৰ্যটনৰ সম্ভাৱনাস্থলী সংৰক্ষণৰ অৱহেলাৰ বাবে পৰি ৰৈছে । শিলে কথা কোৱা চহৰ তেজপুৰত বিভিন্ন শৈল্য ভাস্কৰ্যৰ উপৰিও বিভিন্ন মঠ-মন্দিৰৰ ভগ্নাৱশেষ এতিয়াও সংৰক্ষণৰ অভাৱত পৰ্যটকৰ দৃষ্টিৰ পৰা আঁতৰি আছে ।

তেনে এক অৱহেলিত স্থান হৈছে তেজপুৰ চহৰৰ নাতিদূৰৈত থকা পৰ্বতীয়াৰ দেৱী সিং ঘাটৰ ঔগুৰি পাহাৰৰ পৌৰাণিক যুগতে স্থাপন হোৱা শিলত খোদিত গণেশ মন্দিৰ (Historic Ganesh Temple in Tezpur)। লোকবিশ্বাস অনুসৰি সেই ঠাইত এতিয়াও গণেশৰ পদধূলা পৰে আৰু ভগৱান গণেশে আহি মন্দিৰৰ টিলিঙা বজায় । স্থানীয় ৰাইজৰ মতে তেওঁলোকে বহু যুগ ধৰি এই মন্দিৰত পূজা অৰ্চনা কৰি আহিছে ।

কিন্তু এই মন্দিৰ সম্প্ৰতি সংকটৰ গৰাহত । স্থানীয় ৰাইজে বহুবাৰ মন্দিৰটোৰ সংৰক্ষণ আৰু পুনঃনিৰ্মাণৰ বাবে দাবী জনাই অহাৰ পাছত শনিবাৰে সেই স্থানত উপস্থিত হয় প্ৰশাসনৰ লোকসকল । শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰৱী শইকীয়া আৰু তেজপুৰ জিলা সংগ্ৰহালয়ৰ বিষয়া অভিলাষ ৰাজখোৱাই সেই ঐতিহাসিক স্থান পৰিদৰ্শন কৰে (DC visit historic place of Tezpur)।

পৰিদৰ্শনৰ অন্তত ১২৫ বিঘা ভূমিৰে আৱৰি থকা স্থানডোখৰ পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ আশ্বাস দিয়ে শোণিতপুৰৰ উপায়ুক্তগৰাকীয়ে । জানিব পৰা মতে গণেশ মন্দিৰৰ উপৰিও ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত এই ঠাইত এক গোপন সুৰংগ আছে । যি সুৰংগ বহু বছৰ ধৰি অৱহেলিত হৈ আহিছে ।

উল্লেখ্য যে সেই স্থানত থকা প্ৰকাণ্ড শিলবোৰত দেৱ-দেৱীৰ প্ৰতিমা খোদিত কৰা দেখিবলৈ পোৱা গৈছে । ইফালে উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই জনোৱা মতে এই সমগ্ৰ স্থানডোখৰ সংৰক্ষিত কৰি পৰ্যটনৰ আকৰ্ষণৰ স্থলীলৈ ৰূপান্তৰ কৰাৰ এক পৰিকল্পনা হাতত লোৱা হৈছে । ইয়াৰ লগতে উপায়ুক্তগৰাকীয়ে ৰুদ্ৰ পদৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত শিৱ মন্দিৰো পৰিদৰ্শন কৰে আৰু উক্ত ঠাইত মন্দিৰৰ কাষত ভক্তৰ সুবিধাৰ বাবে সৌৰশক্তিচালিত লাইট স্থাপন কৰাৰ বিষয়ে জানিবলৈ দিয়ে ।

ইফালে গণেশ মন্দিৰৰ শিলত খোদিত দেৱ-দেৱীৰ প্ৰতিমাসমূহ অষ্টম বা দশম শতিকাৰ হ'ব পাৰে বুলি সন্দেহ কৰিছে জিলা সংগ্ৰহালয় বিষয়া অভিলাষ ৰাজখোৱাই ।

লগতে পঢ়ক :Assam Assembly Budget Session : 10 মাৰ্চৰ পৰা 5 এপ্ৰিললৈ অসম বিধানসভাৰ বাজেট অধিৱেশন

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.