Hindi Day 2023: নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ত হিন্দী দিৱস পালন

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 8:20 AM IST

thumbnail

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ: নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ত বৃহস্পতিবাৰে 'হিন্দী দিৱস' পালন কৰা হয় । ইয়াৰ সৈতে সংগতি ৰাখি আয়োজিত এক অনুষ্ঠানৰ আৰম্ভণিতে নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ মূৰব্বী অধ্যাপিকা সেৱিকা দাসে বন্তি প্ৰজ্জলন কৰি এই দিৱসৰ শুভাৰম্ভণি কৰে । ইয়াৰ পিছতে হিন্দী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে ক্ৰমে হিন্দী বিভাগৰ মূৰব্বী অধ্যাপক হেমন্ত কুমাৰ ৰাভা আৰু সহকাৰী অধ্যাপিকা সুধা কুমাৰীয়ে ।

এই অনুষ্ঠানটোৰ আঁত ধৰে হিন্দী বিভাগৰ আন এগৰাকী সহকাৰী অধ্যাপিকা ৰমা ভাণ্ডাৰীয়ে । এই দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হিন্দী কবিতা আবৃত্তি আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰো আয়োজন কৰা হয় । প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হয় । গীত, কবিতা কথাৰে জীপাল অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।

লগতে পঢ়ক: Anti-Drug Awarness meeting: মঙলদৈ মহাবিদ্যালয়ত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.