Guwahati jaundice death news: মুখ্যমন্ত্ৰী সমষ্টিত ব্যাপক হাৰত বাঢ়িছে জণ্ডিছ ৰোগী
🎬 Watch Now: Feature Video
গুৱাহাটী, 20 এপ্ৰিল : আমিনগাঁও আৰু উত্তৰ গুৱাহাটীত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে জণ্ডিচ ৰোগে ৷ এতিয়ালৈ জণ্ডিচত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে চাৰিগৰাকীকৈ লোকে আৰু বৰ্তমানে চিকিৎসাধীন হৈ আছে অঞ্চলটোৰ ৬২ গৰাকী লোক (Guwahati jaundice death news) । আজি পৰিস্থিতিৰ বুজ ল’বলৈ নিজ সমষ্টি জালুকবাৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।
জণ্ডিচ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা পৰিয়ালৰ খবৰ লোৱাৰ লগতে পহিলা ব’হাগৰ দিনটোত মৃত্যু হোৱা তিনিওটা পৰিয়ালৰে খবৰ লয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিস্থিতিৰ বুজ লৈ দুৰ্ভগীয়া পৰিয়ালকেইটাৰ লোকক সমবেদনা জ্ঞাপন কৰাৰ লগতে আগন্তুক ১০ দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে (Jaundice in Guwahati) ।
মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে কাইলৈ গুৱাহাটী মেডিকেল কলেজৰ তৰফৰ পৰা চিকিৎসকৰ এটা বৃহৎ দল আমিনগাঁৱলৈ যাব । চিকিৎসকৰ দলটোৱে অঞ্চলটোত চিকিৎসা প্ৰদান কৰাৰ লগতে পৰীক্ষা কৰিব আমিনগাঁও আৰু উত্তৰ গুৱাহাটীৰ ৰোগ বিয়পি পৰা ঠাইসমূহ (Impact of jaundice in North Guwahati) ।
পানীৰ পৰা এই ভয়ংকৰ ৰোগ বিয়পি পৰাৰ সন্দেহ কৰাৰ লগতে ৰে’ল বিভাগৰ লগত আলোচনা কৰি পানী টেংকীসমূহ পৰিষ্কাৰ কৰি সময়ৰ লগত আধুনিকীকৰণ কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী গৰাকীৰ লগতে আজি উপস্থিত থাকে জনস্বাস্থ্য বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কামৰূপ জিলাৰ উপযুক্ত আৰু কামৰূপ জিলা প্ৰশাসনৰ বিষয়ববীয়া সকল (the impact of jaundice in Amingaon) ৷
লগতে পঢ়ক : Heavy hailstorm in Dhemaji: ধুমুহাই উৰুৱাই নিলে আপোন পজাটি; দুৰ্ভগীয়াৰ হাহাকাৰ