Heroine seized: ৰহাত হেৰ’ইনসহ দম্পতীক আটক - হেৰ’ইনসহ দম্পত্তীক আটক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 21, 2023, 7:26 PM IST

ৰহা, 21 এপ্ৰিল: ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাই থকাৰ পিচতো গা লৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ এইবাৰ নগাঁও জিলাৰ ৰহাত হেৰ’ইনসহ দম্পত্তীক আটক কৰে চাপৰমুখ আৰক্ষীয়ে (Heroine seized at Raha) ৷ শুকুৰবাৰে চাপৰমুখত চাপৰমুখ আৰক্ষীৰ নিয়মীয়া তালাচীত ৮ টা কন্টেনাৰত ৫.৩৯ গ্ৰাম হেৰ'ইন লৈ আহিছিল দম্পতীটোৱে ৷  

দম্পতীটো কামপুৰৰ কচুৱাৰ বুলি জানিব পৰা গৈছে (Smuggler couple detained) ৷ জানিব পৰা মতে, কৰ্মক্ষেত্ৰ ডিমাপুৰৰ পৰা ৰে’লৰে আহি চাপৰমুখ জংচনৰ পৰা নিজ ঘৰলৈ ৰাওনা হওঁতেই নিয়মীয়া তালাচীত আৰক্ষীৰ জালত পৰে দম্পতীটো । দম্পতীটোৰ নাম কোৰ্বান আলী আৰু আচিয়া বেগম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ 

লগতে পঢ়ক: Abinash Saikia dead body recovered: 47 দিনৰ অন্তত অবিনাশ শইকীয়াৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.