Cycle Rally in Sivasagar: শিৱসাগৰত হেৰিটেজ চাইক্লথন চাইকেল ৰেলী সম্পন্ন

By

Published : Feb 12, 2023, 10:39 AM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

শিৱসাগৰ,১২ ফ্ৰেব্ৰুৱাৰী: দেওবাৰে পুৱাতেই শিৱসাগৰত অনুষ্ঠিত হয় হেৰিটেজ চাইক্লথন নামৰ চাইকেল ৰেলী(Heritage Cyclothon Cycle Rally in Sivasagar ) । একেধাৰে তৃতীয় বৰ্ষৰ বাবে অনুষ্ঠিত হোৱা এই চাইকেল ৰেলীৰ জৰিয়তে শাৰিৰীক সক্ষমতা অটুট ৰখাৰ লগতে আৰু শিৱসাগৰৰ ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ দিশত ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰা হয় । ঐতিহাসিক শিৱসাগৰ বহু পৰ্যটনৰ সমলেৰে পৰিপূৰ্ণ । কিন্তু প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱত আজিও শিৱসাগৰ পৰ্যটনৰ কেন্দ্ৰ হ'ব পৰা নাই । শাৰিৰীক সক্ষমতা আৰু পৰ্যটনক একত্ৰিত কৰি শিৱসাগৰৰ এজাক স্বাস্থ্য আৰু ইতিহাসৰ প্ৰতি সচেতন যুৱকে বিগত তিনি বছৰ ধৰি এই কাৰ্যসূচীৰ আয়োজন কৰি আহিছে । 

দেওবাৰে পুৱাৰভাগত তৃতীয় বছৰৰ বাবে অনুষ্ঠিত হোৱা এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু নয়নমণি শইকীয়াই(Arjuna Award winner Nayanmoni Saikia) । শিৱসাগৰৰ ঐতিহাসিক শিৱ দ'লৰ সমুখৰ পৰা শ শ চাইকেল প্ৰেমীয়ে আজি এই চাইক্লথনত অংশগ্রহণ কৰে । শিৱসাগৰৰ পৰা জয়সাগৰ হৈ দিচাংমুখৰ লৈকে এই চাইকেল ৰেলীৰ আয়োজন কৰা হয় । শিৱসাগৰৰ মুখ্য পৰ্যটনৰ কেন্দ্ৰসমূহক চুই যোৱাৰ বাবে চাইকেল চলোৱাৰ লগতে এইসমূহ উপভোগ কৰি যাব পাৰিব চাইকেল আৰোহীয়ে । 

স্বাস্থ্যৰ লগতে পৰ্যটনৰ লক্ষ্য লৈ সম্পন্ন হোৱা এই চাইকেল ৰেলীয়ে শিৱসাগৰৰ লগতে অসমত এক গণ সজাগতাৰ সৃষ্টি কৰিছে । এনে অনুষ্ঠানত উপস্থিত থাকি খুবেই সুখী বুলি মনৰ অনুভৱ ব্য়ক্ত কৰে অৰ্জুন বঁটা বিজয়ী নয়নমণি শইকীয়াই । তেওঁ কয় যে চাইকেল এদিন চলালেই নহ'ব সদায়েই চলাব লাগিব । কম দুৰত্বত বিদ্যালয় মহাবিদ্যালয় থাকিলে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষানুষ্ঠানলৈ চাইকেল লৈ যোৱাৰ আহ্বান জনাই স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াই(Gold Medallist Nayanmoni Saikia) । 

ইফালে ১৭ ফ্ৰেব্ৰুৱাৰীত এছিয়ান চেম্পিয়নশ্বিপৰ বাবে মালয়েচিয়ালৈ যাত্ৰা কৰিব নয়নমমি শইকীয়াই(Lawn bowler Nayanmoni Saikia) । অসমৰ পৰা চাৰিজনে ভাৰতৰ লন বলৰ দলত স্থান লাভ কৰিছে এইবাৰ । পূৰ্বতেও মেডেল লাভ কৰিছে গতিকে এইবাৰো কেইবাটাও মেডেল লাভ কৰিবলৈ সক্ষম হ'ব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে শইকীয়াই । 

লগতে পঢ়ক: Illegal sand mining in Sivasagar : বন বিভাগক মেনেজ কৰি শিৱসাগৰৰ জাঁজী নদীত চলিছে অবাধ খনন

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.