thumbnail

By

Published : Apr 20, 2023, 8:40 PM IST

ETV Bharat / Videos

Heavy storm in Jonai: জোনাইত ধুমুহাই উৰুৱাই নিলে শতাধিক পৰিয়ালৰ আপোন ঘৰ

জোনাই, ২০ এপ্ৰিল: ধেমাজি জিলাৰ জোনাইত বুধবাৰে সন্ধিয়া অহা এজাক প্ৰচণ্ড ধুমুহা আৰু বৃষ্টিপাতে বিস্তৰ ক্ষতি সাধন কৰে ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ শ শ পৰিয়ালৰ । তদুপৰি জোনাইৰ আন অঞ্চলটো ক্ষতি সাধন হৈছে । ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ বগৰীগুৰী, জামুগুৰি, তাকাবাৰী, মুলান, মাজগাঁও, ফাকুৰীগিৰী আদি কেইবাখনো গাঁৱত ধুমুহাত ধ্বংস হয় প্ৰায় এশটা পৰিয়ালৰ ঘৰবাৰী । ইয়াৰ উপৰি এই ধুমুহাত বহু মূল্যৱান গছ গছনি উভালি পৰাত ছিগি যায় বিদ্যুতৰ তাঁৰ সংযোগী খুঁটা (Storm devastated several areas at Jonai)।

ধুমুহাই অঞ্চলটোৰ বহু লোকৰ ঘৰ-বাৰীৰ বিস্তৰ ক্ষতিসাধন কৰে । বহু লোকৰ ঘৰ ভাঙি পৰে । তদুপৰি অধিকাংশ লোকৰ ঘৰৰ টিন পাতবোৰ চিন্ন ভিন্ন কৰে শিলাবৃষ্টিয়ে ৷ ইফালে, ধুমুহাৰ ঠায়ে ঠায়ে বন্ধ হৈ পৰিছে পথ ৷ ব্যাহত হয় বিজুলী যোগান ৷ বহু লোকৰ ঘৰৰ লগতে ব্যক্তিগত বিদ্যালয় ভাঙি টিনপাত উৰোৱাই লৈ যায় ধুমুহাই ৷ কেইবাটাও বিহু অনুষ্ঠানৰ পেণ্ডেল ভাঙি চিন্ন-ভিন্ন হৈ পৰে (Hailstorm in Jonai) ৷

লগতে পঢ়ক:Heavy hailstorm in Dhemaji: ধুমুহাই উৰুৱাই নিলে আপোন পজাটি; দুৰ্ভগীয়াৰ হাহাকাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.