ETV Bharat / state

মৃৎশিল্পৰ সাধনাৰে আদৰ্শ দেখুৱাইছে যোৰহাটৰ এজন অসমীয়া যুৱকে - Durga Puja 2024 - DURGA PUJA 2024

Durga Puja celebration: এজন উদ্যমী অসমীয়া যুৱক, যাৰ আছে অসাধ্যক সাধন কৰাৰ সংকল্প । যোৰহাটৰ ঢেকড়গঢ়াৰ উদ্যমী যুৱকজনে চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰে পৰা শিল্প কৰ্মৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰি আহিছে ।

Durga Puja 2024
মৃৎ শিল্পৰে আত্ননিৰ্ভৰশীল চিৰঞ্জীৱ বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2024, 11:01 AM IST

যোৰহাট, ২ অক্টোবৰ : শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো দুৰ্গা পূজাৰ ব্যাপক আয়োজন চলিছে । পূজাৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততা বৃদ্ধি পাইছে মৃৎশিল্পীসকলৰ । এতিয়া দেৱীৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল । ৰাজ্য়ত মৃৎশিল্পৰে জড়িত শিল্পীৰ সংখ্য়া হ্ৰাস পাইছে যদিও একাংশ উদ্যমী যুৱকে পিছে এই শিল্পটোক আত্মসংস্থাপনৰ পথ হিচাপে বাচি লৈছে ।

  • ব্যতিক্ৰম ৰূপত যোৰহাটৰ এজন যুৱক

যিসময়ত ৰাজ্য়ত বহিঃৰাজ্যৰ মৃৎশিল্পীৰ দপদপনিক লৈ চৰ্চা হৈছে তেনে সময়তেই যোৰহাটৰ এজন অসমীয়া যুৱকে এই শিল্প সাধনাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । জিলাখনত থকা মৃৎশিল্প প্ৰতিষ্ঠান সমূহত দেৱী দুৰ্গাৰ লগতে অন্যান্য মূৰ্তি নিৰ্মাণ কৰিবলৈ কলকাতাৰ শিল্পীৰ সহায় ল'বলগা হৈছে । বহিঃৰাজ্য়খনৰ পৰা অহা মৃৎশিল্পীৰে বিভিন্ন প্ৰতিষ্ঠান ভৰি পৰাৰ মাজতে ব্যতিক্ৰম ৰূপত যোৰহাটৰ এখন মৃৎশিল্প প্ৰতিষ্ঠানে চৰ্চা লাভ কৰিছে ।

মৃৎশিল্পৰে আত্ননিৰ্ভৰশীল চিৰঞ্জীৱ বৰা (ETV Bharat Assam)
  • চতুৰ্থ শ্ৰেণীৰ পৰাই সাধনাত ব্য়স্ত

এজন উদ্যমী যুৱক, নাম চিৰঞ্জীৱ বৰা ৷ অসাধ্যক সাধন কৰা সংকল্প এইজন যুৱকৰ । যোৰহাটৰ ঢেকড়গঢ়াৰ উদ্যমী যুৱকজনে চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰে পৰা শিল্প কৰ্মৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ দেৱী দুৰ্গাৰ প্ৰতিমাৰ লগতে অন্যান্য দেৱ-দেৱী প্ৰতিমাও নিৰ্মাণ কৰি আহিছে ৷ উল্লেখ্য় যে চিৰঞ্জীৱে নিজেই নিৰ্মাণ কৰা প্ৰতিমাৰেই নিজ বাসভৱনত দুৰ্গা পূজা আয়োজন কৰি আহিছিল । পৰৱৰ্তী সময়ত উক্ত দুৰ্গা পূজা ২০১২ চনৰ পৰা গাঁৱৰ ৰাইজে পালন কৰিবলৈ লয় ।

একাগ্ৰতা আৰু অধ্যৱসায়ৰ বাবে মৃৎশিল্পী হিচাপে পৰিচিত হৈছে চিৰঞ্জীৱ বৰা । তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে মা দুৰ্গাই । এই প্ৰতিষ্ঠানখনৰ জৰিয়তে চিৰঞ্জীৱ বৰাই নিজকে সংস্থাপিত কৰাৰ লগতে আন কেইবাজনকো সংস্থাপিত কৰিছে । তেওঁ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি থকা সময়ৰ পৰাই বিভিন্ন দেৱ-দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল ।

এই প্ৰসংগত মৃৎ শিল্পী চিৰঞ্জীৱ বৰাই কয়, "চাকৰিৰ পিচত ঘূৰি ফুৰাতকৈ মৎশিল্পক সংস্থাপনৰ পথ হিচাপে বাচি ল'ব লাগে । অসমৰ মৃৎশিল্প প্ৰতিষ্ঠান সমূহত কলকাতাৰ শিল্পীসকলে দপদপাই আছে । কাৰণ ইয়াত পৰ্যাপ্ত পৰিমাণৰ কাৰিকৰ অভাৱ । ফলত উপায়ন্তৰ হৈ মৃৎশিল্প প্ৰতিষ্ঠানৰ গৰাকীয়ে বহিঃৰাজ্যৰ শিল্পীৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হয় ।"

এতিয়া চিৰঞ্জীৱ বৰা নামৰ উদ্যোমী যুৱকজনে যোৰহাট নগৰৰ মালৌ আলিত ব্যৱসায়িকভাৱে দেৱী দুৰ্গাৰ লগতে সকলো দেৱ-দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰি স্বাৱলম্বিতাৰ নিৰ্দশন দাঙি ধৰিছে ৷

লগতেপঢ়ক:প্ৰদূষণমুক্ত সমাজৰ বাৰ্তা লৈ ধুবুৰীত দেৱী দুৰ্গাৰ ব্যতিক্ৰমী প্ৰতিমা - Durga Puja 2024

চমক সৃষ্টিৰ বাবে সাজু হৈ উঠিছে মহানগৰীৰ বিভিন্ন পূজা মণ্ডপ : থলুৱা শিল্প, থলুৱা শিল্পীক প্ৰাধান্য - Durga Puja 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.