ETV Bharat / technology

OnePlus, Samsung ৰ লগতে অক্টোবৰত বজাৰলৈ আহিব বহু আকৰ্ষণীয় বৈশিষ্ট্যৰ স্মাৰ্টফোন - Upcoming phone launches in October

author img

By ETV Bharat Tech Team

Published : 3 hours ago

Upcoming smartphones launch: ছেপ্টেম্বৰ মাহত ভাৰতৰ বজাৰত মুকলি কৰা হৈছে বহু স্মাৰ্টফোন । ইয়াৰ ভিতৰত মূল আকৰ্ষণ আছিল আইফোন 16 ছিৰিজ । সমাগত উৎসৱৰ বতৰত অৰ্থাৎ অক্টোবৰত বহু কোম্পানীয়ে স্মাৰ্টফোন মুকলি কৰিবলৈ ওলাইছে ।

Etv Bharat
OnePlus, Samsung ৰ লগতে অক্টোবৰত বজাৰলৈ আহিব বহু আকৰ্ষণীয় বৈশিষ্ট্যৰ স্মাৰ্টফোন (ETV Bharat)

নিউজ ডেস্ক, 2 অক্টোবৰ: ছেপ্টেম্বৰ মাহত ভাৰতৰ বজাৰত আইফোন 16 ছিৰিজ, Vivo T3 Ultra আৰু Motorola Razr 50 কে ধৰি কেইবাটাও স্মাৰ্টফোন মুকলি কৰা হৈছিল । গ্ৰাহকৰ চাহিদালৈ লক্ষ্য ৰাখি অক্টোবৰ মাহত বহু স্মাৰ্টফোন নিৰ্মাণ কোম্পানীয়ে বজাৰত নিজৰ নতুন ফোন মুকলি কৰিবলৈ ওলাইছে । ইয়াত আমি আপোনালোকক এই মাহত মুকলি হ’বলগীয়া কেইটামান স্মাৰ্টফোনৰ বিষয়ে জনাম---

OnePlus 13

ৱানপ্লাছে নিশ্চিত কৰিছে যে অক্টোবৰ মাহত চীনত মুকলি কৰা হ’ব তেওঁলোকৰ ফ্লেগশ্বিপ OnePlus 13 স্মাৰ্টফোন । তথ্য অনুসৰি এই ফোনটো আগন্তুক Snapdragon 8 Generation 4 প্ৰচেছৰৰ সৈতে আহিব আৰু ইয়াত 100W ফাষ্ট চাৰ্জিঙৰ সৈতে 6,000 mAh বেটাৰী থাকিব ।

iQOO 13

Vivo’ৰ চাব ব্ৰেণ্ড iQOO এ অক্টোবৰ মাহত চীনত মুকলি কৰিব প্ৰিমিয়াম iQOO 13 ছিৰিজ । OnePlus 13 ৰ দৰেই iQOO 13 তো Qualcomm Snapdragon 8 Gen 4 প্ৰচেছৰৰ দ্বাৰা চালিত হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ IP68 ৰেটিং থাকিব । ফোনটোত 16 GB ৰেম আৰু 512GB ষ্ট’ৰেজ থাকিব পাৰে । iQOO 13 ত 144Hz ৰিফ্ৰেছ ৰেটৰ সৈতে 6.7 ইঞ্চি 2K AMOLED ডিছপ্লে অহাৰ সম্ভাৱনা আছে । ইয়াত 6,150mAh ৰ বৃহৎ বেটাৰী আৰু 100W ফাষ্ট চাৰ্জিং থাকিব বুলি আশা কৰা হৈছে ।

Samsung Galaxy S24 FE

ইতিমধ্যে Samsung এ ঘোষণা কৰিছে নিজৰ শেহতীয়া সংস্কৰণৰ স্মাৰ্টফোন Galaxy S24 FE । অহা 3 অক্টোবৰৰ পৰা ভাৰতত বিক্ৰীৰ বাবে উপলব্ধ হ’ব এই ফোনটো ৷ Samsung Exynos 2400e চিপছেটৰ দ্বাৰা চালিত হ’ব আৰু ইয়াৰ বেটাৰী থাকিব 4,700mAh । ইয়াত 8GB ৰেম আৰু 512GB ষ্ট’ৰেজ সমৰ্থন কৰিব ।

Lava fire 3

ভাৰতৰ শেহতীয়া স্মাৰ্টফোন Lava fire 3 অহা 4 অক্টোবৰত ভাৰতত মুকলি হ’ব । Lava fire 3 ত 6.78 ইঞ্চিৰ ফুল এইচডি+ ডিছপ্লে থাকিব বুলি আশা কৰা হৈছে । যাৰ ৰিফ্ৰেছ ৰেট 120 হাৰ্টজ পৰ্যন্ত হ’ব । খবৰ অনুসৰি এই ফোনত মিডিয়াটেক ডাইমেনচন 7300 প্ৰচেছৰ ব্যৱহাৰ কৰা হ’ব ৷

ইয়াৰ উপৰিও ইয়াক CMF Phone 1 আৰু Motorola Edge 50 Neo ত ব্যৱহাৰ কৰা হৈছে । ইয়াত 8 GB ৰেম আৰু 256GB ষ্ট’ৰেজ থাকিব বুলি আশা কৰা হৈছে । কিন্তু এই মুহূৰ্তত ষ্ট’ৰেজ বা ৰেমৰ ধৰণ সম্পৰ্কে বিশেষ তথ্য নাই । ইয়াৰ বিষয়ে অধিক তথ্যৰ বাবে আমি আনুষ্ঠানিক ঘোষণাৰ বাবে অপেক্ষা কৰিব লাগিব ।

অপটিক্সৰ কথা ক’বলৈ গ’লে Lava fire 3 ৰ পিছফালে কোৱাড কেমেৰা ছেটআপৰ বৈশিষ্ট্য দিয়া হৈছে, য’ত 64MP প্ৰাইমেৰী শ্বুটাৰ, 8MP আল্ট্ৰা-ৱাইড, 2MP মেক্ৰ’ শ্বুটাৰ আৰু 2MP ডেপথ চেন্সৰ থাকিব পাৰে । লাভাই fire 3 ত নিজাকৈ UI আগবঢ়াব পাৰে, যিটো এণ্ড্ৰইড 14 ৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে । এই মিড-ৰেঞ্জাৰত 5000mAh বেটাৰী আৰু 66W ফাষ্ট চাৰ্জিং থাকিব পাৰে ।

Infinix Zero Flip

শেহতীয়াকৈ Infinix এ একাংশ বজাৰত এই স্মাৰ্টফোনটো মুকলি কৰিছিল যদিও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কোম্পানীটোৱে এতিয়া অক্টোবৰ মাহত ভাৰতত প্ৰথমটো ফ্লিপ ফোন মুকলি কৰিব । জিৰ’ ফ্লিপত 120Hz ৰিফ্ৰেছ ৰেটৰ সৈতে 6.9 ইঞ্চি LTPO AMOLED ডিছপ্লে থাকিব । কভাৰ ডিছপ্লেৰ বাবে আছে 3.64 ইঞ্চিৰ AMOLED পেনেল যাৰ ৰিজ’লিউচন 1056 x1066 পিক্সেল ।

ফোনত উপলব্ধ হ’ব MediaTek Dimensity 8020 প্ৰচেছৰ । ইয়াত 8GB পৰ্যন্ত ৰেম আৰু 512GB পৰ্যন্ত ষ্ট’ৰেজ থাকিব । অপটিক্সৰ বাবে পিছফালে 50MP প্ৰাইমেৰী চেন্সৰ আৰু 50MP আল্ট্ৰা-ৱাইড এংগেল লেন্স আছে । ইয়াৰ উপৰিও চেলফি আৰু ভিডিঅ’ কলৰ বাবে 32MP ফ্ৰন্ট কেমেৰাৰ আছে ।

লগতে পঢ়ক: ছ’নী কেমেৰাৰ সৈতে বজাৰত মুকলি Vivo V40e - Vivo V40e Launched in India

17 হাজাৰ টকীয়া Samsung Galaxy A14 লাভ কৰক মাত্ৰ 9,999 টকাত - Flipkart’s Big Billion Days Sale

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.