ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ভি ৰামাসুব্ৰমণিয়ামক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ নিযুক্ত - NHRC CHAIRPERSON

ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) অৰুণ কুমাৰ মিশ্ৰই ২০২৪ চনৰ ১ জুনত কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পাছৰে পৰা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ পদ খালী হৈ আছিল ।

NHRC CHAIRPERSON
উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ভি ৰামাসুব্ৰমণিয়াম (IANS)
author img

By ANI

Published : Dec 23, 2024, 9:56 PM IST

নতুন দিল্লী: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সোমবাৰে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ন্যায়াধীশ ভি ৰামাসুব্ৰমণিয়ান (অৱসৰপ্ৰাপ্ত)ক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (এন এইচ আৰ চি)ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে । প্ৰিয়ংক কানুংগো আৰু ন্যায়াধীশ ড° বিদ্যুত ৰঞ্জন সাৰংগীক এন এইচ আৰ চিৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে ৷ "ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি ডাঙৰীয়াই ন্যায়াধীশ শ্ৰীযুত ভি ৰামাসুব্ৰমণিয়ানক (অৱসৰপ্ৰাপ্ত)ক অধ্যক্ষ হিচাপে আৰু শ্ৰী প্ৰিয়ংক কানুংগো আৰু ড° ন্যায়াধীশ বিদ্যুৎ ৰঞ্জন সাৰংগী (অৱসৰপ্ৰাপ্ত)ক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ(এন এইচ আৰ চি), ভাৰতৰ সদস্য হিচাপে নিযুক্তি দিয়ে ৷" এন এইচ আৰ চিয়ে X ত পোষ্ট কৰে ৷

উল্লেখ্য যে, ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) অৰুণ কুমাৰ মিশ্ৰই ২০২৪ চনৰ ১ জুনত কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পাছৰে পৰা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ পদ খালী হৈ আছিল । অৰুণ কুমাৰ মিশ্ৰৰ পিছত আয়োগৰ সদস্য বিজয়া ভাৰতী সায়ানীয়ে আয়োগৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কাৰ্যৰত আছিল ।

১৯৫৮ চনৰ ৩০ জুনত জন্মগ্ৰহণ কৰা ন্যায়াধীশ ৰামাসুব্ৰমণিয়ামে চেন্নাইৰ ৰামকৃষ্ণ মিছনৰ বিবেকানন্দ মহাবিদ্যালয়ৰ পৰা ৰাসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত মাদ্ৰাজ আইন মহাবিদ্যালয়ৰ পৰা আইন অধ্যয়ন কৰে । ১৯৮৩ চনৰ ১৬ ফেব্ৰুৱাৰীত তেওঁ বাৰৰ সদস্য হিচাপে নামভৰ্তি কৰি প্ৰায় ২৩ বছৰ ধৰি মাদ্ৰাজ উচ্চ ন্যায়ালয়ত প্ৰেকটিছ কৰিছিল ।

তেওঁ ২০০৬ চনৰ ৩১ জুলাইত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ আৰু ২০০৯ চনৰ ৯ নৱেম্বৰত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে । ২০১৬ চনৰ ২৭ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ বাবে হায়দৰাবাদৰ উচ্চ ন্যায়ালয়লৈ তেওঁৰ নিজা অনুৰোধত বদলি কৰা হয় । অন্ধ্ৰ প্ৰদেশৰ বিভাজন আৰু পৃথক উচ্চ ন্যায়ালয় গঠনৰ পিছত তেওঁক ২০১৯ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ হায়দৰাবাদৰ তেলেংগানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয় ।

২০১৯ চনৰ ২২ জুনত তেওঁ হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে । ২০১৯ চনৰ ২৩ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা তেওঁ ২০২৩ চনৰ জুন মাহত অৱসৰ গ্ৰহণ কৰে ।

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মদন লকুৰ ৰাষ্ট্ৰসংঘৰ আভ্যন্তৰীণ ন্যায় পৰিষদৰ অধ্যক্ষ নিযুক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.