ETV Bharat / bharat

চলচ্চিত্ৰ জগতৰ নক্ষত্ৰ পতন; প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা শ্যাম বেনেগালৰ দেহাৱসান - SHYAM BENEGAL DIES

৯০ বছৰ বয়সত চিৰদিনলৈ চকু মুদিলে প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা শ্যাম বেনেগালে । সোমবাৰে সন্ধিয়া ৬.৩৮ বজাত তেওঁৰ মৃত্যু হয় ।

Shyam Benegal dies
প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা শ্যাম বেনেগালৰ দেহাৱসান (IANS)
author img

By PTI

Published : 4 hours ago

মুম্বাই : ভাৰতীয় চলচ্চিত্ৰ জগতৰ এটা যুগৰ অন্ত । দেশত এক চলচ্চিত্ৰ আন্দোলনৰ সৃষ্টি কৰা, ১৯৭০ আৰু ১৯৮০ ৰ দশকত 'অংকুৰ', 'নিশান্ত' আৰু 'মন্থন'ৰ দৰে চলচ্চিত্ৰৰ জৰিয়তে ভাৰতীয় সমান্তৰাল চলচ্চিত্ৰ আন্দোলনৰ সূচনা কৰা প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা শ্যাম বেনেগালৰ সোমবাৰে মৃত্যু হয় । তেওঁৰ কন্যা পিয়াই এই কথা জনাইছে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ ।

কন্যা পিয়াই সংবাদ প্ৰতিষ্ঠান পিটিআইক জনোৱা অনুসৰি, দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে তেওঁ মুম্বাইৰ ৱ'ৰ্কহাৰ্ডট চিকিৎসালয়ত ভৰ্তি হৈ আছিল । তাতেই চিকিৎসাধীন অৱস্থাত বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ মৃত্যু হয় ।

"সন্ধিয়া ৬.৩৮ বজাত ৱ'ৰ্কহাৰ্ডট চিকিৎসালয় মুম্বাই চেণ্ট্ৰেলত তেওঁৰ মৃত্যু হয় । তেওঁ বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল আৰু কেইবা বছৰ ধৰি বৃক্কৰ ৰোগত ভুগি আছিল । কিন্তু এই সমস্যা অধিক বৃদ্ধি পাইছিল । এইটোৱেই তেওঁৰ মৃত্যুৰ কাৰণ ।" কন্যা পিয়া বেনেগালে কয় ।

আনহাতে, ৱ'কহাৰ্ডট চিকিৎসালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, শ্যাম বেনেগালক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল ।

উল্লেখ্য যে নিজৰ কেৰিয়াৰত শ্যাম বেনেগালে 'ভাৰত এক খোজ' আৰু 'সম্বিধান'কে ধৰি বিভিন্ন বিষয়ৰ ওপৰত চলচ্চিত্ৰ, তথ্যচিত্ৰ আৰু দূৰদৰ্শনৰ ধাৰাবাহিক নিৰ্মাণ তথা পৰিচালনা কৰিছিল । তেওঁ মাত্ৰ ১০ দিন পূৰ্বে ১৪ ডিচেম্বৰত ৯০ সংখ্যক জন্মদিন উদযাপন কৰিছিল ।

ভাৰতীয় চলচ্চিত্ৰ জগতৰ মহীৰূহগৰাকীয়ে জন্মদিনৰ অনুষ্ঠানটোত পিটিআইৰ আগত কৈছিল যে তেওঁ সঘনাই চিকিৎসালয়লৈ যাবলগা হৈছে আৰু ডায়েলাইচিছ কৰি থাকিবলগা হৈছে । মৃত্যুৰ সময়ত শ্যাম বেনেগালে তেওঁৰ পত্নী নিৰা বেনেগাল আৰু কন্যা পিয়া বেনেগালক ইহসংসাৰত এৰি থৈ গৈছে ।

তেওঁৰ চলচ্চিত্ৰসমূহৰ ভিতৰত উল্লেখনীয় হৈছে 'ভূমিকা', 'জুনুন', 'মাণ্ডি', 'সূৰয কা সাতৱান ঘোঁৰা', 'মামো' আৰু 'চৰ্দাৰী বেগম' । এই চলচ্চিত্ৰসমূহক হিন্দী ছবি জগতত আটাইতকৈ কলাত্মক ছবি হিচাপে গণ্য কৰা হয় ।

এইগৰাকী প্ৰথিতযশা পৰিচালকৰ অতি শেহতীয়া অৱদান আছিল ২০২৩ চনৰ জীৱনীমূলক 'মুজিব: দ্য মেকিং অব এ নেচন' ।

ভাৰতীয় চলচ্চিত্র জগতত একাধিক সন্মানেৰে বিভূষিত হৈছে শ্যাম বেনেগাল । ১৯৭৬ চনত তেওঁ পদ্মশ্রী আৰু ১৯৯১ চনত পদ্মভূষণ সন্মান লাভ কৰিছিল । ইয়াৰ উপৰি তেওঁ দাদাচাহেব ফাল্কে বঁটাও লাভ কৰিছিল ।

শ্যাম বেনেগালৰ জন্ম হৈছিল ১৯৩৪ চনৰ ১৪ ডিচেম্বৰত হায়দৰাবাদত, এটা কোংকিনি পৰিয়ালত । তেওঁ মাত্র ১২ বছৰ বয়সতে পিতৃয়ে দিয়া কেমেৰাৰে প্রথমখন ছবি নিৰ্মাণ কৰিছিল । তেওঁৰ পিতৃ পেছাত এগৰাকী ফটোগ্ৰাফাৰ আছিল । তেওঁৰ অনুপ্ৰেৰণাৰ উৎস আছিল পিতৃ । হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ অর্থনীতিৰ স্নাতকোত্তৰ আছিল প্ৰয়াত শ্যাম বেনেগাল । আনহাতে, তেওঁৰ ছবি নিৰ্মাণৰ পথ পৰিক্ৰমা আৰম্ভ হৈছিল হায়দৰাবাদ ফিল্ম ছ'চাইটীৰ পৰা ।

লগতে পঢ়ক :শুই থাকোতেই ইটাৰ বেৰ খহি চাৰি শিশুৰ মৃত্যু - HISAR WALL COLLAPSE CHILDREN DIED
লগতে পঢ়ক :খহি পৰিল বহুমহলীয়া অট্টালিকা; মৃতকৰ সংখ্যা ২ লৈ বৃদ্ধি - MOHALI BUILDING COLLAPSE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.