Storm in Dhemaji: জোনাইৰ শিৱগুৰিত ধুমুহাৰ তাণ্ডৱ - Heavy storm rain in Jonai
🎬 Watch Now: Feature Video
জোনাই, ২৭ মাৰ্চ: ধেমাজি জিলাৰ জোনাই শিৱগুৰিত দেওবাৰে নিশা অহা প্ৰচণ্ড ধুমুহা-বৰষুণে তাণ্ডৱ চলোৱাত বহুতো পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি যোৱাৰ লগতে টিনপাত উৰুৱাই নিয়ে (Heavy storm rain in Jonai)। ধুমুহাই শিৱগুৰিত বহু পৰিয়ালৰ ঘৰ-দুৱাৰ তচনচ কৰে ৷ মাজ নিশা অহা প্ৰৱল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত শিৱগুৰিৰ বিভিন্ন ঠাইত গছ উভালি পৰাত অঞ্চলটোত বিস্তৰ ক্ষতিসাধন হয় ।
জানিব পৰা মতে, নিশাৰ প্ৰৱল ধুমুহা আৰু বৰষুণে ডিম্বেশ্বৰ চাৰহ, একেল চাৰহ, ৰূপকান্ত দলে, মুহিপাল টায়ে, শশীধৰ কুটুম, ৰেৱত মিলি, চলালাই মিলিৰ লগতে আৰু বহুতো পৰিয়ালৰ ঘৰ-দুৱাৰৰ ক্ষতিসাধন কৰে (Storm destroyed house in Jonai)। অঞ্চলটোৰ বিভিন্ন ঠাইত গছ-গছনি উভালি পৰাত যাতায়তত ব্য়াঘাত জন্মিছে । কেইটামান মুহূৰ্তৰ বাবে সৃষ্টি হোৱা এই ধুমুহা বৰষুণৰ ফলত জোনাইৰ বহু ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰা পৰিলক্ষিত হয় । পথত প্ৰকাণ্ড গছ উভালি পৰাত এতিয়া যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ।
লগতে পঢ়ক:85th Death Anniversary: বুঢ়ী আইৰ সাধু ৰচক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৫ সংখ্যক মৃত্যু বাৰ্ষিকী