Amrit kalash yatra:আদি এলেঙী সত্ৰত অমৃত কলহ যাত্ৰাত উত্তপ্ত পৰিস্থিতি - অমৃত কলহ যাত্ৰা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 3:41 PM IST

মাজুলী, 25 ছেপ্টেম্বৰ : শ্ৰী লোহিত পঞ্চায়তৰ ৮ নম্বৰ ৱাৰ্ডত উত্তপ্ত পৰিস্থিতি ৷ আদি এলেঙী সত্ৰত অমৃত কলহ যাত্ৰাৰ নামত উত্তপ্ত পৰিস্থিতি ৷ মাজুলীৰ আদি এলেঙী সত্ৰত অমৃত কলহ যাত্ৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অমৃত কলহৰ মাটি সংগ্ৰহ কৰিবলৈ যোৱা পঞ্চায়ত কর্মী আৰু একাংশ মহিলাৰ মাজত লাগে কথাৰ কটাকটি ।

আদি এলেঙী গাঁৱৰ মূল পথ নিৰ্মাণ নকৰাৰ বাবে স্থানীয় মহিলাই অমৃত কলহ যাত্ৰাত পঞ্চায়ত প্ৰতিনিধিক কৰিছিল জবাবদিহি । অমৃত কলহ যাত্ৰাৰ কাৰ্যসূচীত আদি এলেঙী সত্ৰৰ গাঁওবাসীয়ে সহযোগ কৰিছে কিন্তু তেওঁলোকৰ দাবী যে তেওঁলোকৰ গাঁৱৰ মূল পথটো যাতে চৰকাৰে সোনকালে নিৰ্মাণ কৰি দিয়ে কিয়নো বাৰিষাতো বাদেই, খৰালিৰ দিনতো পথটোৰে যাতায়ত কৰিব নোৱাৰে গাঁওবাসীয়ে ।

আদি এলেঙী গাঁৱৰ মহিলাৰ ৰুদ্ৰ ৰূপ দেখি পঞ্চায়ত প্ৰতিনিধিয়ে অমৃত কলহ যাত্ৰাত আদি এলেঙী গাঁৱত শোভাযাত্ৰা নকৰাকৈ তাৰ পৰা পলায়ন কৰে । ঐতিহাসিক এখন সত্ৰ থকা গাঁওখনৰ মূল পথটো যাতায়তৰ বাবে সুচল নোহোৱাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হয় ।

লগতে পঢ়ক : Amrit Kalash Yatra: অমৃত কলহ হাতত লৈ ৰাইজৰ ঘৰে ঘৰে মাটি সংগ্ৰহ বিধায়ক প্ৰশান্ত ফুকনৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.