Police Harassment Allegation : গোচৰ দি খোদ আৰক্ষীৰ আলহী ভুক্তভোগী - false case allegation against gitanagar ps
🎬 Watch Now: Feature Video
গুৱাহাটী, ৪ ফেব্ৰুৱাৰী : মহানগৰীৰ গীতানগৰ থানাৰ আৰক্ষীৰ বিৰুদ্ধে ভুক্তভোগীৰ ভয়ংকৰ অভিযোগ । গুৱাহাটীৰ অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত (ADCP of Guwahati) আৰু গীতানগৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ (OC of Gitanagar Police station) বিৰুদ্ধে এই অভিযোগ ভুক্তভোগীৰ । ভুৱা গোচৰত নিলম্বিত চক্ৰ বিষয়াক গ্ৰেপ্তাৰৰ অভিযোগ । ন্যায় বিচাৰি গোচৰ দিবলৈ গৈ খোদ ভুক্তভোগীয়ে গীতানগৰ আৰক্ষীৰ জালত পৰাৰ অভিযোগ উত্থাপন হৈছে (false case allegation against gitanagar ps) ।
উল্লেখ্য, কিছুদিন পূৰ্বে নিলম্বিত ACS বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰ পৰিয়ালসহ দুৰ্বৃত্তৰ কবলত পৰে । তাৰ পিছত তেওঁ সেই সন্দৰ্ভত গোচৰ লৈ গীতানগৰ আৰক্ষীৰ কাষ চাপে । কিন্তু গীতানগৰ আৰক্ষীয়ে তেওঁৰ এজাহাৰৰ ওপৰত ন্যায় বিচাৰ প্ৰদানৰ বিপৰীতে তেওঁৰ ওপৰতহে মিছা অভিযোগ দি গ্ৰেপ্তাৰ কৰাৰ অভিযোগ তুলিছে । এই সন্দৰ্ভত ঘটনাৰ বিৱৰণী দাঙি ধৰি শনিবাৰে এক সংবাদমেল সম্বোধন কৰে ভুক্তভোগী বৰেণ্য ৰঞ্জন বৰঠাকুৰে । গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে বৰেণ্য ৰঞ্জন বৰঠাকুৰে সংবাদমেল সম্বোধন কৰি আৰক্ষীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে ।
তেওঁ কয় যে যোৱা ২৬ জানুৱাৰীৰ নিশা গণেশগুৰিৰ পৰা গান্ধীবস্তি অভিমুখে আহি থকা অৱস্থাত RJ Bistro নামৰ ৰেষ্টুৰেণ্টৰ কাষত চাহ খাবলৈ ৰয় । কিন্তু তেওঁৰ গাড়ীচালকে চাহ আনিবলৈ যোৱাৰ সময়ত ৩০-৩৫ জনীয়া এটা সুৰাসক্ত দুৰ্বৃত্তৰ দলে চালকজনক আক্ৰমণ কৰাৰ লগতে গাড়ীখন ভাঙিবলৈ আৰম্ভ কৰে । এই ঘটনাৰ বিৰুদ্ধে ২৭ জানুৱাৰীত গীতানগৰ আৰক্ষী থানাত তেওঁ এজাহাৰ দাখিল কৰে । এজাহাৰ দাখিলৰ সময়ত তেওঁ গাড়ীখনৰ প্ৰমাণ দিবলৈ থানালৈ লৈ যায় যদিও আৰক্ষীৰ অনুমতি সাপেক্ষে গাড়ীখন পুনৰ ঘৰলৈ লৈ অহা বুলি উল্লেখ কৰে ।
তাৰ পিছত ২৮ জানুৱাৰীত পুৱা তেওঁক পুনৰ গীতানগৰ থানালৈ মাতে । কিন্তু তেওঁৰ অভিযোগ, সিদিনা গোটেই দিনটো তেওঁক বহুৱাই ৰখা হয় থানাত । ইফালে সমগ্ৰ ঘটনাটো ADCP কল্যাণ পাঠকে চোৱা বুলি আৰক্ষীয়ে জনোৱাৰ পিছত কল্যাণ পাঠকৰ সৈতে তেওঁ ফোনযোগে কথা পাতে । কিন্তু কল্যাণ পাঠক এবাৰো থানালৈ নাহে বুলি প্ৰকাশ কৰে বৰেণ্য ৰঞ্জন বৰঠাকুৰে । ইফালে পুৱাৰ পৰা নিশালৈকে বহুৱাই ৰখাৰ পিছত নিজৰ গাড়ীখনকে থানাৰ পৰা চুৰি কৰাৰ অভিযোগত আৰক্ষীয়ে সিদিনা নিশাই ১২ বজাত গ্ৰেপ্তাৰ কৰে বৰণ্যক । কিন্তু তাৰ বিপৰীতে বৰ্তমানেও আৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ কৰে । উল্লেখ্য, পৰৱৰ্তী সময়ত বৰেণ্যই জামিন লাভ কৰে আৰু সাংবাদমেলযোগে সমগ্ৰ ঘটনাৰ বিবৰণী দিয়াৰ লগতে এইক্ষেত্ৰত ন্যায় বিচাৰিছে ।
লগতে পঢ়ক :Anti Child Marriage Drive : ষোল্ল বছৰীয়া ছোৱালী বিয়া কৰাই গ্ৰেপ্তাৰ হ’ল আমছুৰ উপ-সভাপতি