Half naked body recovered: শিৱাসাগৰত অচিনাক্ত যুৱতীৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ - অচিনাক্ত যুৱতীৰ অৰ্ধ উলংগ মৃতদেহ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 10, 2023, 5:44 PM IST

শিৱসাগৰত, 10 আগষ্ট : ৰাজ্যত প্ৰতিদিনেই ইটোৰ পিচত সিটোকৈ মৃতদেহ উদ্ধাৰৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰাৰ সময়তে শিৱসাগৰত এগৰাকী অচিনাক্ত যুৱতীৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ কৰা হৈছে । নগৰৰ সমীপৰ দিছিয়ালত পথাৰৰ মাজৰ এক নিৰ্মীয়মান ঘৰত উদ্ধাৰ কৰা হৈছে মৃতদেহটো। অচিনাক্ত যুৱতীগৰাকীৰ বয়স আনুমানিক ২৫-৩০ বছৰৰ ভিতৰত হ’ব বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

হালধীয়া পোছাক পৰিহিত যুৱতীগৰাকীৰ তলৰ অংশ অনাবৃত আৰু মুখ তথা নিম্নাংশত তেজৰ দাগ চাই মৃত্যু স্বাভাৱিক নহয় বুলি ধাৰণা কৰা হৈছে। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে কোনো মতামত দিয়াৰ পৰা বিৰত আছে যদিও ধৰ্ষণৰ পিচত যুৱতীগৰাকীক হত্যা কৰা বুলি আশংকা কৰা হৈছে ৷ 

এই ঘটনা কেতিয়া সংঘটিত হ'ল সেইয়া নিশ্চিত নহয় যদিও বুধবাৰে নিশা সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে ৷ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহৰ ভিডিঅ’ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিবলৈ প্ৰেৰণ কৰা হৈছে ৷ লগতে ফৰেনছিকৰ দল উপস্থিত হৈ ঘটনাৰ পৰ্যবেক্ষণ কৰিব বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: Crime in Haflong : শংকৰৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত লালনেভা লিয়েনথাং

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.