thumbnail

By

Published : Mar 31, 2023, 8:11 PM IST

ETV Bharat / Videos

Guwahati Half Marathon: ৯ এপ্ৰিলত IIT গুৱাহাটী টেকনিছৰ গুৱাহাটী হাফ মাৰাথন

গুৱাহাটী,৩১ মাৰ্চ : আই আই টি-গুৱাহাটী টেকনিছৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে গুৱাহাটী হাফ মাৰাথন(Silver Jubilee of IIT Guwahati Techniche) । প্ৰতিবছৰৰ দৰে এইবাৰো ৯ এপ্ৰিলত আয়োজন কৰা হৈছে গুৱাহাটী হাফ মাৰাথনৰ(Guwahati Half Marathon on April 9) । শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এখন সংবাদমেলত এই কথা ঘোষণা কৰে টেকনিছৰ বিষয়ববীয়াই ।  

"ৰান ফ’ৰ জিৰ’ হাংগাৰ"(Run for Zero Hunger) আৰু "ৰেইজ এৱেৰনেছ ফ’ৰ জিৰ’ হাংগাৰ"(Rise Awareness for Zero Hunger) শীৰ্ষৰে এইবাৰ এই হাফ মাৰাথানৰ আয়োজন কৰা হৈছে । ৯ এপ্ৰিলৰ পুৱা ৫:১৫ বজাত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ পৰা হাফ মাৰাথন আৰম্ভ হ'ব(Guwahati Half Marathon) । দুটা শ্ৰেণীত অনুষ্ঠিত হ'ব এই হাফ মাৰাথন । প্ৰথমটো শ্ৰেণীৰ দৌৰ-২১ কিলোমিটাৰ আৰু দ্বিতীয়টো শ্ৰেণীৰ দৌৰ-৬ কিলোমিটাৰ ।  

৫০০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা হাফ মাৰাথনত । এই হাফ মাৰাথনত দুই লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ কথা উল্লেখ কৰে উদ্যোক্তাসকলে । গুৱাহাটী হাফ মাৰাথনৰ পিছত টিম টেকনিছে এক পুষ্টি অভিযান চলাব য’ত অংশগ্ৰহণ কৰা প্ৰতিজন দৌৰবিদৰ বিপৰীতে এজনকৈ আৰ্তব্যক্তিক খাদ্য সামগ্ৰী যোগান ধৰা হ’ব । 

লগতে পঢ়ক: Police officer dances bihu: কৰ্তব্যৰ মাজতে কঁকাল ঘূৰালে মহিলা আৰক্ষীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.