Legal notice to Karim Uddin Barbhuiya: আইনী যুঁজত দেৱব্ৰত-কৰিমউদ্দিন - arim Uddin Barbhuiya allegation against congress
🎬 Watch Now: Feature Video
সমস্যাই যেন লগ নেৰে AIUDFৰ সাধাৰণ সম্পাদক তথা বিধায়ক কৰিমউদ্দিন বৰভূঞাক(MLA Karim Uddin Barbhuiya) ৷ এইবাৰ এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞালৈ জাননী প্ৰেৰণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ শীঘ্ৰেই আদালতত হাজিৰ হ’ব লাগিব বিধায়কগৰাকী(Legal notice to Karim Uddin Barbhuiya) ৷
উল্লেখ্য যে, কংগ্ৰেছ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই(Debabrata Saikia) গুৱাহাটী উচ্চ ন্যায়ালয়ত(Guwahati High Court) ৰুজু কৰা এক গোচৰৰ ভিত্তিত আদালতত হাজিৰ হোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে কৰিমউদ্দিন বৰভূঞালৈ ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ভাৰতীয় দণ্ডবিধিৰ 500 ধাৰাৰ অধীনত এক ফৌজদাৰী গোচৰ ৰুজু কৰিছিল বিগত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিচত ৷
স্মৰ্তব্য যে, AIUDFৰ সাধাৰণ সম্পাদক কৰিমউদ্দিন বৰভূঞাই ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে আনিছিল এক গুৰুতৰ অভিযোগ(Karim Uddin Barbhuiya allegation against congress) ৷ কৰিমউদ্দিন বৰভূঞাই অভিযোগ উত্থাপন কৰিছিল যে, ‘‘দেৱব্ৰত শইকীয়াকে ধৰি কংগ্ৰেছৰ একাংশ নেতাই ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদী মূৰ্মূৰ সপক্ষে ভোটদান কৰিছিল ৷’’
লগেতে, ৰাষ্ট্ৰপতি নিৰ্বাচনত(President election) ভোটদান কৰি মুখ্যমন্ত্ৰীৰে চাহ খাই দেৱব্ৰত শইকীয়াই আলোচনাত মিলিত হৈছিল বুলিও অভিযোগ উত্থাপন কৰিছিল AIUDFৰ বিধায়গৰাকীয়ে ৷ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ এই অভিযোগ অসমৰ সংবাদমাধ্যমৰ লগতে ৰাষ্ট্ৰীয় সংবাদমাধ্যমতো সম্প্ৰচাৰ হৈছিল ৷ ইয়াৰ পিচতেই কৰিমউদ্দিন বৰভূঞাৰ অভিযোগক প্ৰত্যাহ্বান জনাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ন্যায়ালয়ত ৰুজু কৰিছিল গোচৰ ৷
দেৱব্ৰত শইকীয়াৰ সেই গোচৰক এতিয়া গুৰুত্ব সহকাৰে ন্যায়ালয়ে গ্ৰহণ কৰি কৰিমউদ্দিন বৰভূঞালৈ প্ৰেৰণ কৰিছে আইনী জাননী ৷ যদিহে কৰিমউদ্দিন বৰভূঞাই নিজৰ অভিযোগ সঁচা বুলি আদালতত প্ৰমাণ কৰিব নোৱাৰে তেন্তে তেওঁ শাস্তিৰো সন্মুখীন হ’ব বুলি সংবাদমাধ্যমৰ আগত অৱগত কৰিছে দেৱব্ৰত শইকীয়াই ৷
উল্লেখ্য যে, 2022 বৰ্ষত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনতেই চৰ্চালৈ আহিছিল গাড্ডাৰৰ প্ৰসংগ ৷ প্ৰদেশ কংগ্ৰেছৰ গাড্ডাৰ কোন কোন তাৰ তালিকা সভাপতি ভূপেন বৰাই নিখিল কংগ্ৰেছলৈ প্ৰেৰণ কৰাৰ পিচতো আজিলৈকে ৰাজহুৱা নহ’ল গাড্ডাৰ কংগ্ৰেছীৰ নাম ৷ কিন্তু, দেৱব্ৰত শইকীয়াৰ ফৌজদাৰী গোচৰৰ পিচত এতিয়া আদালতত হাজিৰ হ’ব লাগিব AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা ৷