ভূমি জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 8:28 PM IST

thumbnail

গুৱাহাটী, ৫ ডিচেম্বৰ : ভূমি জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পাইছে । ভূমি জালিয়াতিৰ অভিযোগত এইবাৰ গ্ৰেপ্তাৰ হৈছে এগৰাকী মহিলা কৰ্মচাৰী । চন্দ্ৰপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়কক এই অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ।

কনিষ্ঠ সহায়ক হিচাপে কৰ্মৰত জুৰি শৰ্মাক গ্ৰেপ্তাৰ কৰিছে চাইবাৰ কোষে । উল্লেখ্য যে মণ্ডল, দালাল, গুৱাহাটী উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰীসহ পূৰ্বে ১৩ জনক এই ভূমি জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ।

গ্ৰেপ্তাৰ হোৱা এই কৰ্মচাৰীসকল হৈছে ক্ৰমে কামৰূপ মহানগৰ জিলাৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত কৰ্মৰত গৃহৰক্ষী জোৱান পংকজ দাস (৩৬), 'এক্সট্রা ৰাইটাৰ' সদয় কুমাৰ ডেকা (৩৯), আন এগৰাকী 'এক্সট্রা ৰাইটাৰ' দেৱাশিস বৰুৱা (৩৭), দিছপুৰ ৰাজহ চক্ৰৰ ঠিকাভিত্তিক ডাটা এন্ট্ৰী অপাৰেটৰ দীপাংকৰজ্যোতি কলিতা (৩৮), উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ পিয়ন নয়ন কলিতা (৩৯) আৰু আন এগৰাকী পিয়ন নিৰঞ্জন কলিতা (৪৮ ) ।

ইয়াৰ উপৰি চকীদাৰ ভৰত ডেকা, ভূ-মাফিয়া তাপস চৌধুৰী, দিছপুৰ ৰাজহ চক্ৰৰ অস্থায়ী ডাটা এণ্ট্ৰী অপাৰেটৰ ধ্রুবজ্যোতি বর্মন, লাট মণ্ডল বাপধন দাস, উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক নিতুল দাস আৰু আৰক্ষীৰ এনকাউণ্টাৰত আহত ৰমেন মদাহিকো গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক :দুৰ্নীতিগ্ৰস্ত কোনো আৰক্ষীয়ে ৰেহাই নাপায়; পাণবজাৰ আৰক্ষী থানা পৰিদৰ্শন কৰি জি পি সিঙৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.