Guwahati High Court verdict: চাবিৰৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ - আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল চাবিৰ আনচাৰীৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 11:00 PM IST

যোৰহাট, ২৫ ছেপ্টেম্বৰ: প্ৰায় দুটা বছৰৰ অন্তৰত অৱশেষত ন্যায় পালে যোৰহাটৰ ঢাকাপট্টীৰ নিবাসী প্ৰয়াত চাবিৰ আনচাৰীৰ পৰিয়ালে ৷ যোৰহাট সদৰ আৰক্ষীয়ে মোবাইল চুৰিৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ২০২১ বৰ্ষৰ ১৯ অক্টোবৰত গ্ৰেপ্তাৰ কৰিছিল চাবিৰ আনচাৰীক । তাৰ পাচতে আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল চাবিৰ আনচাৰীৰ । কিন্তু আনচাৰীৰ মৃত্যুক সহজভাবে ল’ব পৰা নাছিল পৰিয়ালৰ লোকে আৰু কাষ চাপিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ।

প্ৰায় দুটা বৰ্ষৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়ে গুৰুত্বপূৰ্ণ ৰায়দান । উক্ত ৰায়দানৰ জৰিয়তে গুৱাহাটী উচ্চ ন্যায়ালয়ে ভুক্তভোগী পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিয়ে চৰকাৰক । এই ৰায়দান দিয়াৰ পাছত সন্তুষ্টি প্ৰকাশ কৰিছে চাবিৰ আনচাৰীৰ পৰিয়ালৰ লোকে । ৰায়দান সন্দৰ্ভত যোৰহাটৰ চাবিৰ আনচাৰীৰ পৰিয়ালৰ লোকে কয় যে, এটা মাৰপিটৰ ঘটনাত মোবাইল কাঢ়ি নিয়াৰ অভিযোগত চাবিৰ আনচাৰীক সাঙুৰি লোৱা হৈছিল । আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়দান শুনি সন্তোষিত হৈছোঁ আৰু ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

লগতে পঢ়ক: Medicine scam at Jorhat Air Force Hospital: জালিয়াতিৰে ৭৯ লাখ টকা আত্মসাৎ যোৰহাট বায়ুসেনাৰ কৰ্মচাৰী দম্পতীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.