গুণোৎসৱৰ নামত আজৱ কাণ্ড, টিঙৰ ওপৰত দুই ছাত্ৰ

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 2:25 PM IST

thumbnail

গোলাঘাট, 9 জানুৱাৰী: যোৱা 3 জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত অসমত 'গুণোৎসৱ' অনুষ্ঠিত হৈছে । গুণোৎসৱৰ প্ৰাকমুহুৰ্তত গোলাঘাটৰ এখন বিদ্যালয়ত শিক্ষকৰ কাণ্ডজ্ঞানহীন এক ঘটনাই সকলোৰে চকু কপালত তুলিছে ৷ গুণোৎসৱৰ বাবে বিদ্যালয় পৰিস্কাৰ কৰিবলৈ গৈ কণমানি ছাত্ৰক উঠালে মামৰে ধৰা টিঙৰ চালিত।

এই দৃশ্য হৈছে গোলাঘাটৰ মৰঙী সমীপৰ 39  নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা পাটকটীয়া প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য । দুজন ছাত্ৰক বিদ্যালয়ৰ টিং চাফা কৰিবলৈ দি এজন শিক্ষকে তলত ৰৈ তদাৰক কৰিছে এনেদৰে। বিপদসংকুল পৰিৱেশৰ মাজত টিঙৰ ওপৰত উঠি কণমানি ছাত্ৰজনে শিক্ষকে দিয়া নিৰ্দেশনা পালন কৰিছে। ইয়াৰ পিচতে এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

জানিব পৰামতে এই ঘটনা পোহৰলৈ অহাৰ পিচতে গোলাঘাট শিক্ষা বিভাগে পাটকটীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰা লগতে বিভাগীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে।

লগতে পঢ়ক: জ্যেষ্ঠ শিল্পী ভূপেন উজীৰ ICU ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.