নলবাৰীত পৰ্যালোচনা সভাত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া - গুলাব চান্দ কাটাৰীয়া
🎬 Watch Now: Feature Video
Published : Jan 6, 2024, 6:21 PM IST
নলবাৰী, ৬ জানুৱাৰী: নলবাৰীত আজি ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই জিলা আয়ুক্তৰ কাৰ্যালয়ত এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে । জিলাখনৰ সকলো বিভাগীয় বিষয়া-কৰ্মচাৰীৰে মিলিত হয় এই পৰ্যালোচনা বৈঠকত । জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত উপস্থিত থাকি ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই কেন্দ্ৰীয় চৰকাৰৰ আঁচনি সমূহৰ সঠিক ৰূপায়ণ সন্দৰ্ভত বুজ লয় । তেওঁ জিলাখনৰ প্ৰতিটো বিভাগৰেই কাম-কাজৰ উন্নয়ন হৈছে বুলি মন্তব্য় কৰি সন্তুষ্টি প্ৰকাশ কৰে ।
আনহাতে, বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ সৈতেও মত বিনিময় কৰে ৰাজ্যপাল গুলাৱ চান্দ কাটাৰীয়াই । আঁচনি সমূহৰ দ্বাৰা হিতাধিকাৰীসকলে লাভ কৰা সুফল সন্দৰ্ভত কৰে আলোচনা । আঁচনিত অন্তৰ্ভুক্ত নোহোৱা দুখীয়া জনসাধাৰণক আচনিভুক্ত কৰিবলৈয়ো তেওঁ জিলা আয়ুক্তৰ লগতে বিভাগীয় উচ্চ পদস্থ বিষয়া সকলক নিৰ্দেশ দিয়ে । কেন্দ্ৰীয় চৰকাৰৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অংশস্বৰূপে ৰাজ্যপালগৰাকীয়ে এই পৰ্যালোচনা বৈঠকত মিলিত হয় ।
লগতে পঢ়ক:কংগ্ৰেছে এইবাৰ উত্তৰ পূৰ্বাঞ্চলত ন্যায় প্ৰতিষ্ঠাৰ হকে যুঁজিব : মহিমা সিং