Bihu dance workshop: টীয়কৰ বিহু আখৰাত উপস্থিত হৈ নাচনীক উৎসাহ যোগালে জিলা উপায়ুক্তই

By

Published : Mar 30, 2023, 10:31 AM IST

thumbnail

টীয়ক, 30 মাৰ্চ : চৰকাৰৰ পৃষ্ঠপোষকতাত অহা 14 এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বিশ্ব অভিলেখৰ বাবে আয়োজিত বিহুৰ আখৰা ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ লগতে টীয়কতো আৰম্ভ হৈছে (Guinness book of world record Assam bihu) । গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে টীয়কত অনুষ্ঠিত বিহুৰ আখৰা শিবিৰত উপস্থিত হৈ সমগ্ৰ পৰিৱেশ পৰিদৰ্শন কৰিলে জিলা উপায়ুক্ত পুলক মহন্তই ৷

উল্লেখযোগ্য যে, 14 এপ্ৰিলত অসমীয়াৰ বাপতি সাহোন বিহুটিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অৰ্থে অসম চৰকাৰে এঘাৰ হাজাৰ নাচনী বিহুৱা একেলগ কৰি বিহুনাচ প্ৰদৰ্শনেৰে গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ প্ৰস্তুতি চলাইছে আৰু তাৰ বাবে টীয়ক সমষ্টিৰ পৰা প্ৰায় দুশ গৰাকী নাচনী ঢুলীয়াই উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব (Bihu dance training at Teok) । 

টীয়ক হাইস্কুলৰ খেলপথাৰত আয়োজিত আখৰা শিবিৰত যোৰহাট জিলাৰ উপায়ুক্ত উপস্থিত হৈ সমগ্ৰ পৰিৱেশ পৰিদৰ্শন কৰাৰ লগতে আখৰা উপভোগ কৰে ৷  লগতে অংশগ্ৰহণকাৰীসকলক সা সুবিধা প্ৰদানৰ ক্ষেত্ৰত যাৱতীয় সকলো ব্যৱস্থা জিলা প্ৰশাসনে ইতিমধ্যে গ্ৰহণ কৰিছে বুলি তেওঁলোকক জনাই উপায়ুক্তiৰাকীয়ে (Bihu dance training) ৷ যিকোনো অসুবিধাৰ সন্মুখীন হলে পোনপটীয়াকৈ প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবৰ বাবে দিলে পৰামৰ্শ ৷ লগতে অসম চৰকাৰে বিহুটিক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ লোৱা এই পদক্ষেপক সঁহাৰি জনাই সকলো বিহুৱা বিহুৱতীৰ লগতে স্থানীয় প্ৰশাসন, দল সংগঠন সকলোকে সহযোগ কৰিবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনালে ।

লগতে পঢ়ক : Assam Bihu Guinness book of world record: বিশ্ব অভিলেখৰ বাবে সাজু ৰঙিয়াৰ নাচনীও

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.