thumbnail

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 7:58 PM IST

ETV Bharat / Videos

Campaign against Child marriage: বাল্য বিবাহ বিৰোধী অভিযান সন্দৰ্ভত কি ক'লে জি পি সিঙে

গুৱাহাটী,৪ অক্টোবৰ: ৰাজ্যত পুনৰ আৰম্ভ হৈছে বাল্য বিবাহ বিৰোধী অভিযান । ৰাজ্যৰ ৩২ খন জিলাত আৰক্ষীয়ে নাবালিকাক বিয়া পতা অভিযুক্ত তথা আত্মীয়, বিবাহ সম্পন্ন কৰা কাজীৰ বিৰুদ্ধে অভিযান চলাইছিল । এই অভিযানত ৭১০ টা গোচৰ ৰুজু হোৱাৰ লগতে গ্ৰেপ্তাৰ হৈছে মুঠ ৯১৫ গৰাকী অভিযুক্ত । এই অভিযুক্তসকলৰ ভিতৰত নাবালিকাক বিয়া পতা অভিযুক্ত ৫৪৬ জন, আত্মীয় ৫৩৫ জন আৰু কাজী তথা ঘটক হ'ল ১৬ জন ।  

ৰাজ্যখনৰ ধুবুৰী জিলাত নাবালিকা বিয়া পতাৰ গোচৰ সৰ্বাধিক । ১৯২ জন ধুবুৰীত আৰু বৰপেটাত ১৪৩ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । এই বিষয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে কয় যে জুনৰ পৰা আগষ্টলৈ ৰাজ্যত বাল্য বিবাহৰ ৭০০ মান গোচৰ লাভ কৰিছিল । বাল্য বিবাহৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ত ২ অক্টোবৰত আভিযান চলাই ৯১৫ জনক গ্ৰেপ্তাৰ কৰা হৈছে । প্ৰথম পৰ্যায়ত ৪৫০০ গোচৰ লাভ কৰা হৈছিল । এইবাৰ বাল্য বিবাহৰ গোচৰ কম হোৱা বুলি উল্লেখ কৰে সিঙে । যেতিয়ালৈকে এই ব্যাধি ৰাজ্যৰ পৰা আঁতৰি নাযায় তেতিয়ালৈকে বছৰত দুবাৰমানকৈ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলিব বুলিও কয় সঞ্চালক প্ৰধানগৰাকীয়ে ।

লগতে পঢ়ক: Govt employee detained: দহ হাজাৰ ঘোচ বিচাৰি তিনি হাজাৰ লওঁতেই হাতে-লোটে ধৰা পৰিল জুনু কলিতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.