মিচিং জনগোষ্ঠীৰ নৃত্যৰে বিশ্ব অভিলেখৰ প্ৰস্তুতি চলাব চৰকাৰে: ৰণোজ পেগু - গুমৰাগ নৃত্যই কৰিব বিশ্ব ৰেকৰ্ড
🎬 Watch Now: Feature Video


Published : Dec 8, 2023, 3:40 PM IST
মাজুলী, ৮ ডিচেম্বৰঃ যোৱা ১৪ এপ্ৰিলত একেলগে দহ হাজাৰ নাচনী-ঢুলীয়াই বিহু নাচি বিশ্ব দৰবাৰত অভিলেখ প্ৰতিষ্ঠা কৰাৰ পাছত এইবাৰ মিচিং জনগোষ্ঠীৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতি চলাব অসম চৰকাৰে । মাজুলীত আজি এইদৰে মন্তব্য় আগবঢ়াই শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।
বিহুৰ পাছত এইবাৰ গুমৰাগ নৃত্যই কৰিব বিশ্ব ৰেকৰ্ড । মাজুলীত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে নিজৰ সংস্কৃতি, ঐতিহ্যক লৈ সকলোৱে গৌৰৱ কৰিব লাগে । এয়া অকল আমাৰ মাজতে সীমাবদ্ধ নাথাকি গুমৰাগ নৃত্যকো বিশ্ব দৰবাৰলৈ উলিয়াই নিয়াৰ বাবে পৰিকল্পনা আৰম্ভ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে । ইপিনে, মিচিং জনগোষ্ঠীৰ নৃত্যৰে বিশ্ব অভিলেখ কৰাৰ প্ৰস্তুতিক আদৰণি জনাইছে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ইএম উমা পাঠৰীয়ে ।
লহতে পঢ়ক:বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ ধাৰাবাহিক বৈঠক, পূৰ্ণোদ্যমে চলিছে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি