Govt Land to Landless : শোণিতপুৰৰ ১৫২৫ গৰাকী ভূমিহীনলৈ চৰকাৰী ভূমি - Assam CM Himanta Biswa Sarma
🎬 Watch Now: Feature Video
Published : Oct 6, 2023, 8:45 PM IST
তেজপুৰ, ৬ অক্টোবৰ : শোণিতপুৰৰ ১৫২৫ গৰাকী ভূমিহীন লোকে লাভ কৰিব চৰকাৰী ভূমি ৷ তেজপুৰত শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত ভূমি আৱণ্টন সম্পৰ্কীয় এক বৈঠকত অংশগ্ৰহণ কৰি জিলাখনৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই সাংবাদিকৰ আগত এই কথা উল্লেখ কৰে ৷ লগতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি তেজপুৰ বিশ্ববিদ্যালয়ক প্ৰয়োজন হোৱা ২৪০ একৰ ভূমিৰ ভিতৰত ইতিমধ্যে এশ বিঘা ভূমি প্ৰদান কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ৷
আনহাতে, তেজপুৰ বিশ্ববিদ্যালয়ৰ ভূমিৰ প্ৰসংগও শুকুৰবাৰৰ বৈঠকত আলোচনা কৰা হয় বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে । লগতে অতিৰিক্তভাৱে আৰু অধিক ভূমি প্ৰদানৰ প্ৰসংগত চিন্তা-চৰ্চা কৰি থকা বুলিও তেওঁ উল্লেখ কৰে ৷
ইফালে জিলাখনৰ ভূমিহীন ১৫২৫ গৰাকী লোকৰ ভিতৰত ভূমি থকা লোকেও ভূমিৰ আৱণ্টন লাভ কৰা বুলি উত্থাপিত অভিযোগ খণ্ডন কৰি বিষয়টো অতি গুৰুত্বসহকাৰে লৈ নিজে তদাৰক কৰা বুলিও জানিবলৈ দিয়ে ৷
লগতে পঢ়ক :Student protest in Cotton University: কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ছাত্ৰসমাজৰ প্ৰতিবাদ