Governor visits Tezpur: তিব্বত অৰ্থাৎ চীনৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সমস্যা আজিও আছে; ৰাজ্যপাল কাটাৰিয়া - Governor discussed on Border problem

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 29, 2023, 3:07 PM IST

তেজপুৰ, ২৯ জুন: "ভাৰতৰ সীমান্তত থকা তিব্বত অৰ্থাৎ চীনৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সমস্যা আজিও আছে ৷ ভাৰতীয় সেনাৰ সুৰক্ষা কৰ্মীসকল তেজপুৰতেই আছে । মই নিশাটো সেনাবাহিনীৰ মুখ্য কাৰ্যালয়তে কটাইছো । গতিকে তেওঁলোকৰ সমস্যা সমূহৰ বিষয়েও বুজ লোৱাৰ প্ৰয়োজন আছে ৷ "এই মন্তব্য অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ ৷ তেওঁ পৰৱৰ্তী সময়ত সীমান্তত গৈ নিশা কটাব বুলি মন্তব্য় কৰে ।

উল্লেখযোগ্য যে,দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰত উপস্থিত হোৱা ৰাজ্যপালগৰাকীয়ে তেজপুৰত ভাৰতীয় সেনাৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া আৰু আন্তঃৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাসমূহৰ লগত এক বৈঠকত মিলিত হৈ সীমান্তৰ সুৰক্ষাৰ বিষয়ে পৰ্যালোচনা কৰে ৷ আজি পুৱাৰ ভাগত চতুৰ্থ ক’ৰৰ সেনাবাহিনীৰ বিষয়াসকলৰ লগত মিলিত হয় ৷ ৰাজ্যপাল গৰাকীয়ে কালি সন্ধিয়া উত্তৰ অসম সংমণ্ডলৰ আৰক্ষী বিষয়া সকলৰ সৈতে সীমান্তৰ ৰাজ্য সমূহৰ সৈতে উদ্ভৱ হোৱা সমস্যা সমূহৰ সৈতে কিদৰে মোকাবিলা কৰিব বা চৰকাৰে কিদৰে সহায় কৰিব তাৰ পৰামৰ্শও আগবঢ়াই ৷

আজি তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত উপস্থিত হৈ ৰাজ্যপালগৰাকীয়ে এক পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ কৰে ৷ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখন উত্তৰ পূৱৰ একমাত্ৰ মানসিক স্বাস্থ্য চিকিৎসা কেন্দ্ৰ হোৱা হেতুকে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ অগ্ৰাধিকাৰ লাভ কৰি আহিছে আৰু ভৱিষ্যতেও লাভ কৰিব বুলি কয় ৷ এই প্ৰতিষ্ঠানখন কি পৰিস্থিতিত বৃটিছে তেজপুৰত স্থাপন কৰিলে সেই বিষয়ে এক অধ্যয়নৰ প্ৰয়োজন আছে বুলি ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক:Gulab Chand Kataria latest news:তেজপুৰলৈ আহিব ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.