Governor Visits Chabua :শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ভূমি পৰিদৰ্শন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ

By

Published : Jun 9, 2023, 3:56 PM IST

thumbnail

ডিব্ৰুগড়, 9 জুন : আজি ডিব্ৰুগড়ৰ চাবুৱাত উপস্থিত হয় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া । ৰাজ্যপাল গৰাকীয়ে ডিব্ৰুগড়ৰ বিমানবন্দৰৰ পৰা পোনে পোনে চাবুৱাত উপস্থিত হৈ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ বাবে আৱণ্টিত ভূমি পৰিদৰ্শন কৰে (Governor Gulab Chand Kataria visits Chabua) । বিগত সোণোৱাল চৰকাৰৰ দিনতে প্ৰস্তাৱিত ভূমি হস্তান্তৰ প্ৰক্ৰিয়া আজিও সম্পূৰ্ণ হোৱা নাই । মুঠ ২০০ শ বিঘা ভূমিৰ চাৰি বিঘা ভূমি এতিয়াও বিবাদমান হৈ আছে (Allotted land of Sports University) । চৌহদ নিৰ্মাণৰ বাবে ঠিকা লাভ কৰা ঠিকাদাৰে ইতিমধ্যে ঠিকা লাভ কৰিও কাম ত্যাগ কৰিছে ।

শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ভূমি পৰিদৰ্শন কৰি ৰাজ্যপাল গৰাকীয়ে নিৰ্মাণত পলম হোৱা ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ ভূমিৰ নমুনা পৰীক্ষা কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক নমুনা সংশোধনৰ পৰামৰ্শ আগবঢ়াই (Sri Sri Aniruddha Dev Sports University) । ৰাজ্যপাল গৰাকীয়ে শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ভূমি পৰিদৰ্শনৰ সময়ত ডিব্ৰুগড় জিলা প্ৰশাসনৰ লগতে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই সহযোগিতা আগবঢ়াই ।

লগতে পঢ়ক : Do not consume excessive water:গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ দেহক নিদিব মাত্ৰাধিক পানীৰ বোজা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.