Golden Jubilee of Namghar: কুশল নগৰ নামঘৰৰ সোণালী জয়ন্তী উৎসৱৰ শুভাৰম্ভ - মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 4, 2023, 11:20 AM IST

Updated : Feb 6, 2023, 4:07 PM IST

গুৱাহাটী, ৪ ফেব্ৰুৱাৰী: অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি নামঘৰ (Namghar)। এই নামঘৰ হৈছে অসমীয়া লোকৰ নাম-কীৰ্তন কৰা উপাসনা ঘৰ বা প্ৰাৰ্থনা গৃহ । মহাপুৰুষ  শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য়ে পোন প্ৰথম বাৰৰ বাবে নামঘৰৰ প্ৰতিষ্ঠা কৰিছিল । মহাপুৰুষ শ্ৰীমন্ত  শংকৰদেৱে প্ৰৱৰ্তন কৰা নৱ-বৈষ্ণৱ ধৰ্মৰ ধৰ্মীয় অনুষ্ঠান দুটিৰ অন্য়তম হৈছে নামঘৰ । ৰাজ্য়খনৰ বিভিন্ন ঠাইত স্থাপন কৰা হৈছে নামঘৰ । গুৱাহাটী মহানগৰীতো স্থাপন কৰা হৈছে এনে নামঘৰ । গুৱাহাটী মহানগৰীৰ নিউ গুৱাহাটী ৰে'লৱে ক'লনিৰ সমীপৱৰ্তী কুশল নগৰত ১৯৭২ চনত প্ৰতিষ্ঠা লাভ কৰা নামঘৰটোৰ সোণালী জয়ন্তী উৎসৱ ৩ ফেব্ৰুৱাৰীৰ আৰম্ভ হৈছে (Golden Jubilee of Kushal Nagar Namghar) ।  

বৃহত্তৰ কুশল নগৰৰ নামঘৰটোৱে ৫০ বছৰত পদাৰ্পণ কৰা উপলক্ষে আয়োজন কৰা হয় সোণালী জয়ন্তীৰ ৷ এই উপলক্ষে স্থানীয় কুশলনগৰবাসী ৰাইজে ৩ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নামঘৰটোত অনুষ্ঠিত কৰিছে বিভিন্ন কাৰ্যসূচীৰ । সোণালী জয়ন্তী উৎসৱৰ প্ৰথম দিনা অৰ্থাৎ শুকুৰবাৰে পুৱা ধৰ্মধ্বজা উত্তোলন কৰা হয় । এই উপলক্ষে ৫০খন পতাকা উত্তোলন কৰা হয় । স্থানীয় ৫০ গৰাকী বিশিষ্ট ব্য়ক্তিয়ে এই পতাকা উত্তোলন কৰে । ইয়াৰ পিছতেই নাম প্ৰসংগৰ লগতে সাস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

সোণালী জয়ন্তী উৎসৱৰ সৈতে সংগতি ৰাখি বৰগীত, নাম প্ৰসংগ আদি অনুষ্ঠিত হয় ৷ সন্ধিয়া বন্তি প্ৰজ্জলন, বৰগীত আদি পৰিবেশনৰ লগতে ভাগৱত পাঠ আদি অনুষ্ঠিত হয় ৷ আনহাতে, বিয়লি ৪ বজাত নামঘৰত ৫০ গছি বন্তি প্ৰজ্বলন । তাৰ পিছতেই স্থানীয় শিল্পীসকলে বৰগীত পৰিৱেশন কৰে।  সোণালী জয়ন্তী উৎসৱৰ  সৈতে সংগতি আয়োজন কৰা কাৰ্যসূচীৰ অন্য়তম হৈছে  থিয় নাম ,ধৰ্মমূলক লোক সংগীতানুষ্ঠান । সন্ধিয়া ৬.৩০ বজাত সোণালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়  ৷ এই অনুষ্ঠানটোত কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে অংশগ্ৰহণ কৰে ।

সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি চন্দ্ৰধৰ পাচনী  আৰু সম্পাদক নৃপেন্দ্ৰ নাথ তালুকদাৰে সদৰি কৰা মতে, আজি দ্বিতীয় দিনা কেইবাটাও আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে । কাইলৈ অন্তিম দিনা মুকলি সভা, ধৰ্মালোচনী সভা, ভাওনা,বৰগীত, দিহানাম,থিয়নাম, বৰগীত আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৷

লগতে পঢ়ক:PM Modi in Akhand Kirtan: নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভাত ভাৰ্চুৱেলী অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোডী

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.