Gold seized by GRPF : গুৱাহাটী ৰেল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ সোণ - গুৱাহাটী ষ্টেচনত জব্দ হৈছে বৃহৎ পৰিমাণৰ সোণ
🎬 Watch Now: Feature Video
গুৱাহাটী, ৭ মাৰ্চ : ৰঙৰ উৎসৱৰ হোলীৰ মাজতে গুৱাহাটী ষ্টেচনত জব্দ হৈছে বৃহৎ পৰিমাণৰ সোণ । গুৱাহাটী ৰেল আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে সোণখিনি । গুৱাহাটী ৰেল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিত দাসে জনোৱা মতে, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মংগলবাৰে পুৱা ৰেল আৰক্ষীয়ে অভিযান চলায় TEJAS EXPRESS ৰ পৰা জব্দ কৰে সোণখিনি । সোণখিনিৰ লগতে এজন সৰবৰাহকাৰীও আটক কৰিছে ৰেল আৰক্ষীয়ে (Gold seized by GRPF)।
আটক কৰা লোকজন মহাৰাষ্টৰ চম্পট ৰাও বুলি জানিবলৈ পৰা গৈছে । ধৃত লোকজনে কঁকালত ৫ খনকৈ সোণৰ বিস্কুট লুকুৱাই আনিছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । জব্দ হোৱা সোণখিনি আগৰতলাৰ পৰা দিল্লীলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীয়ে । জব্দ হোৱা ৫ খন সোণৰ বিস্কুতৰ ওজন 320 গ্ৰাম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (Gold recovered at Guwahati Rail Station)।
ৰেল আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি সোণখিনিৰ বজাৰ মূল্য প্ৰায় 20 লাখ টকা । উল্লেখ্য যে, ৰেলৱে আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা চোৰাং সোণ, নিচাজাতীয় সামগ্ৰীকে ধৰি বিভিন্ন অবৈধ সামগ্ৰী জব্দ কৰি অহাৰ লগতে বহুকেইটা সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ পাছতো আৰক্ষীৰ চকুত ধুলি দি বিভিন্ন ধৰণৰ মূল্যবান সামগ্ৰী অবৈধভাৱে সৰবৰাহ কৰিয়েই আছে দুষ্ট চক্ৰই (Illegal supply in train) ।