গোলাঘাট জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 10:59 AM IST

thumbnail

গোলাঘাট, 8 ডিচেম্বৰ: শুকুৰবাৰে গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ সকলো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দলসমূহৰ উপস্থিতিত গোলাঘাট জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় । সংবাদ মেলখনত অতিৰিক্ত আয়ুক্ত দামোদৰ বৰ্মনে জিলাখনৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে । এই খচৰা তালিকাৰ ক্ষেত্ৰত ৰাইজৰ যিকোনো ওজৰ আপত্তি নিজ নিজ বি.এল.অ' ৰ যোগেদি অথবা নিৰ্ধাৰিত ৱেবচাইট voters.eci.gov.in অথবা Voter Helpline mobile App যোগেদি 8 জানুৱাৰী 2024 ৰ ভিতৰত দাখিল কৰিব পাৰিব বুলি অতিৰিক্ত আয়োক্ত দামোদৰ বৰ্মনে জানিবলৈ দিয়ে ।

ইয়াৰ লগতে ভোটাৰ তালিকাত নিজ নিজ নামসমূহ golaghat.assam.gov.in Latest ত গৈ পৰীক্ষা কৰিব পাৰিব বুলি জানিব দিয়ে । সংবাদ মেলত নিৰ্বাচনী বিষয়া হৃষিকেশ বৰুৱা আৰু ভাৰতীয় জনতা পাৰ্টী, ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম গণ পৰিষদ, জাতীয় পৰিষদ, ৰাইজৰ দল, আম আদমী পাৰ্টি আদি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল উপস্থিত থাকে ।

লগতে পঢ়ক: বিশেষ সংক্ষিপ্ত সংশোধনী ভোটাৰ তালিকা সন্দৰ্ভত জিলা আয়ুক্তৰ সংবাদমেল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.