Fishing competition in Goalpara: লাউডোবাত বৰশীবোৱা প্ৰতিযোগিতাৰ আয়োজন

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 7:07 PM IST

thumbnail

গুৱাহাটী,৬ ছেপ্টেম্বৰ: লাউডোবা মীন পালন সমবায় সমিতিৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে বৰশীবোৱা প্ৰতিযোগিতা । ৩০ ছেপ্টেম্বৰত গোৱালপাৰা জিলাৰ ধূপধৰাৰ অন্তৰ্গত লাউডোবা গাঁৱত ২২ বিঘা আয়তনৰ পুখুৰীত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ লাউডোবা মীন পালন সমবায় সমিতিৰ সম্পাদক নৱ কুমাৰ বিশ্বাসে বুধবাৰে গুৱাহাটীত আয়োজিত এক সংবাদমেলত এই কথা সদৰী কৰে ।

এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৪ লাখ, দ্বিতীয় পুৰস্কাৰ ২ লাখ, তৃতীয় পুৰস্কাৰ ১ লাখ, চতুৰ্থ পুৰস্কাৰ ৫০ হাজাৰ টকা ৷ ইয়াৰ লগতে নিচুকনী বঁটা হিচাপে ৪০ গৰাকী প্ৰতিযোগীক ১০ হাজাৰ টকাকৈ আগবঢ়োৱা হ’ব । অংশগ্ৰহণকাৰীসকলে ৩ হাজাৰ টকাকৈ ভৰ্তি মাচুল দি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব । এই প্ৰতিযোগীতাখন ৩০ ছেপ্টেম্বৰৰ পুৱা ৯বজাৰ পৰা দুপৰীয়া ২ বজালৈ অনুষ্ঠিত হ’ব ।

ইচ্ছুক প্ৰাৰ্থীসকলে ৮৬৩৮৮৬২৬০৬ নম্বৰত যোগাযোগ কৰিব পাৰিব । প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰাও প্ৰতিযোগীয়ে যোগাযোগ কৰিছে । দেশ-বিদেশৰ প্ৰায় ২ হাজাৰ প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে ।

লগতে পঢ়ক: Terrible Road Accident: তিনিচুকীয়াৰ বৰ ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত 7 গৰাকী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.