ভাৰতীয় সংবিধান প্ৰণেতাসকল হিন্দু হোৱা বাবে ভাৰত আজি ধৰ্ম নিৰপেক্ষ দেশ হ’ল; মুখ্যমন্ত্ৰী হিমন্ত - gita mahotsav 2023

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 10:39 AM IST

নিউজ ডেস্ক, 24 ডিচেম্বৰ : হাৰিয়ানাৰ কুৰুক্ষেত্ৰত চলি থকা গীতা-জয়ন্তী মহোৎসৱত অংশগ্ৰহণ কৰি বিস্ফোৰক মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ শনিবাৰে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰতীয় সংবিধানৰ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

তেওঁ কয়, ‘‘এসময়ত দুখনকৈ সংবিধান ৰূপায়ন কৰা হৈছিল ৷ এখন পাকিস্তানৰ বাবে আনখন ভাৰতৰ বাবে ৷ পাকিস্তানৰ সংবিধান ইছলামৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা সংবিধান ৷ কিন্তু ভাৰতৰ সংবিধানখন ধৰ্মনিৰপক্ষে ৷ যিসকল মহাপুৰুষে ভাৰতীয় সংবিধানখন প্ৰণয়ন কৰিছিল সেইসকল মহান পুৰুষ হিন্দু আছিল ৷

তেওঁলোক বেদ-উপনিষদ পৰা প্ৰেৰণা লৈছিল ৷ সেয়ে ভাৰত আজি ধৰ্মনিৰপেক্ষ দেশ ৷’’মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘ যি কামত ভক্তি নাথাকে সেই কাম কেতিয়াও সৎ কাম নহয় ৷ কেৱল দৰমহা লৈ যদি দেশৰ বাবে কাম কৰা হয় সেই কাম কেতিয়াও দেশৰ বাবে ভাল নহয় ৷’’

লগতে পঢ়ক: সকলো বিদ্যালয়তে পাঠদান কৰা হ’ব শ্ৰীমদ্ভাগৱত গীতা: মুখ্যমন্ত্ৰীৰ ঘোষণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.