Students hold protest against Principal:গৌৰীসাগৰত পাঠ্যপুথি এৰি প্ৰতিবাদত নামিল ছাত্ৰ ছাত্ৰী
🎬 Watch Now: Feature Video
আমগুৰি, ৯ নৱেম্বৰ : গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউটৰ অধ্যক্ষৰ বিৰুদ্ধে স্বৈৰাচাৰিতাৰ অভিযোগ আনি প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী । ছাত্ৰ ছাত্ৰীৰ অভিযোগ অনুসৰি অধ্যক্ষগৰাকীয়ে দীৰ্ঘদিন ধৰি মইমতালিৰে বিদ্যালয়খন পৰিচালনা কৰি আহিছে ।
বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকীৰ সৈতে মিলি বিদ্যালয়খনৰ স্বাৰ্থৰ পৰিপন্থী কাম-কাজ চলাই অহাৰ লগতে সহকাৰী শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলক অনাহকত বেয়া ব্যবহাৰ কৰি অহাৰ অভিযোগো উত্থাপন কৰে ছাত্ৰ-ছাত্ৰীসকলে । এসময়ত সুনাম থকা বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিনক দিনে কমি অহাৰ মূল কাৰণ অধ্যক্ষ তথা পৰিচালনা সমিতিৰ সভাপতিগৰাকীৰ মইমতালি বুলি জানিবলৈ দিয়ে ছাত্ৰ একতা সভাৰ সম্পাদকে ।
আনহাতে বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন কৌশলেৰে বাতিল কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰি ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত অৱস্থান কৰি প্ৰতিবাদেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদস্থলীত গৌৰীসাগৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও অধ্যক্ষগৰাকীৰ ব্যৱহাৰত পুনৰ ছাত্ৰ-ছাত্ৰীসকল ক্ষুণ্ণ হৈ পৰে । অৱশেষত বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সৈতে এক অধ্যক্ষগৰাকী আলোচনাত মিলিত হোৱাৰ পাচত পৰিস্থিতি শাম কাটে যদিও গৌৰীসাগৰৰ অগ্ৰণী শিক্ষানুষ্ঠানখনৰ মানদণ্ড দিনক দিনে হ্ৰাস হোৱাত চিন্তা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক : Cyber Crime: বেলতলা কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষৰ কৰ্মকাণ্ডত খৰ্গহস্ত একাংশ ছাত্ৰ-ছাত্ৰী