Anti-Child Marriage Drive: গৃহবিভাগৰ ব্যৰ্থতা ঢাকিবলৈ মুখ্যমন্ত্ৰীয়ে নাটক কৰিছে: গৌৰৱ গগৈ

By

Published : Feb 4, 2023, 8:18 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

thumbnail

যোৰহাট, 4 ফেব্ৰুৱাৰী: গৃহবিভাগৰ ব্যৰ্থতা ঢাকিবলৈ হিমন্ত বিশ্ব শৰ্মাই 3 ফেব্ৰুৱাৰী পৰাৰ আৰম্ভ কৰিছে এখন নাটক । বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি চলোৱা অভিযানক লৈ এই মন্তব্য কংগ্ৰেছ নেতা তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ(Gaurav Gogoi on anti child marriage drive) ৷ উল্লেখ্য যে, বৰ্তমানলৈকে ৰাজ্যজুৰি 2258 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷  

এই সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে, 3 ফেব্ৰুৱাৰী পৰা নাটকৰ বাবে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কাম কৰি আছে ৷ এই কথা অসমৰ ৰাইজেও অনুভৱ কৰিছে  ৷ গ্ৰেপ্তাৰ কৰা একাংশই ইতিমধ্যেই ৰেহাই পাইছে ৷ সৎ মনেৰে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কাম কৰা নাই ৷ চমক সৃষ্টি কৰিবলৈহে মুখ্যমন্ত্ৰীয়ে এই প্ৰচেষ্টা হাতত লৈছে(Gaurav Gogoi slams CM Himanta) ৷

ড্ৰাগছৰ ব্যৱসায় ৰোধ কৰা, সীমান্ত অঞ্চলত কাঠৰ চোৰাং বেহা ৰোধ কৰা, কয়লা ছিণ্ডিকেট ৰোধ কৰা, মহিলা নিৰ্যাতন ৰোধ কৰা আদি ক্ষেত্ৰত গৃহবিভাগ ব্যৰ্থ হোৱাৰো অভিযোগ উত্থাপন কৰে গৌৰৱ গগৈয়ে ৷ আৰক্ষীয়ে অৰ্ণমাই বৰাৰ তদন্ত ভালকৈ নকৰিলে আৰু অনিমেষ ভূঞাৰ পৰিয়ালে এতিয়াও কান্দি আছে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে(Gaurav Gogoi reacts to anti child marriage drive)  ৷  

আলফালৈ যুৱক-যুৱতী ধাৱমান হোৱাকে ধৰি আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত হোৱা ব্যৰ্থতা ঢালিবলৈহে মুখ্যমন্ত্ৰীয়ে এনে কাম কৰাৰ অভিযোগ গৌৰৱ গগৈৰ ৷ লগতে, শিশু সৰবৰাহ, মহিলা সৰবৰাহ, নাৰী নিৰ্যাতন আদি ৰোধ কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণৰ আহ্বান গগৈৰ(Child Trafficking in Assam) ৷  

উল্লেখ্য যে, যোৰহাট জিলাত পঞ্জীয়ন হৈছে 25 টা বাল্যবিবাহৰ গোচৰ(Child marriage case in Jorhat) । নিজাববীয়াকৈ যোৰহাট আৰক্ষীয়ে ৰজু কৰিছে এইসমূহ গোচৰ । বৰ্তমানলৈকে জিলাখনত গ্ৰেপ্তাৰ কৰা হৈছে  10গৰাকী লোকক । এই অভিযান অব্যাহত থাকিব আৰু বাল্যবিবাহৰ খবৰ পালে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰিব বুলি মন্তব্য জিলা আৰক্ষী অধীক্ষকৰ ।

আৰক্ষীয়ে ৰুজু কৰা গোচৰৰ ভিতৰত যোৰহাট সদৰ থানাত 1 টা গোচৰ , তিতাবৰ থানাত 6 টা গোচৰ , বৰহোলা থানাত 5 টা গোচৰ , পুলিবৰ থানাত 4 টা , টিয়ক থানাত 6 টা আৰু মৰিয়নী থানাত 3 টা গোচৰ পঞ্জীয়ন হৈ আছে । ইফালে, সমগ্ৰ ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে ৰুজু হৈছে 4004 টা গোচৰ ৷ লগতে বাল্যবিবাহৰ লগত কোনো ধৰণৰ আপোচ কৰা নহ’ব বুলি শুকুৰবাৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ 

লগতে পঢ়ক: CM On Child Marriage : বাল্য বিবাহৰ ক্ষেত্ৰত আপোচ নকৰো: হিমন্ত বিশ্ব শৰ্মা

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.