Goru Bihu 2023 : গধূলিলৈ গো-ধনক আদৰিবলৈ সাজু বিশ্বনাথবাসী - গধূলিলৈ গো ধনক আদৰিবলৈ সাজু বিশ্বনাথবাসী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 14, 2023, 5:21 PM IST

বিশ্বনাথ, 14 এপ্ৰিল : ‘‘লাও খা বেঙেনা খা,

বছৰে বছৰে বাঢ়ি যা ৷

মাৰে সৰু বাপেৰে সৰু,  

তই হ’লে বৰ গৰু ৷’’

চাওঁতে চাওঁতে আহি পালে অসমীয়াৰ বাপতি সাহোন ব’হাগৰ বিহুটি (Rongali Bihu celebrates in Assam)। আজি গৰু বিহু (Goru Bihu 2023) । গো-ধনক নোৱায়-ধুৱায় শ্ৰীবৃদ্ধি কামনা কৰে চহা অসমীয়াই ৷ গৰু বিহু বুলি পুৱাৰে পৰা বিশ্বনাথতৰ বিহালী ৰাংছালীতো এক উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় (Garu Bihu celebrates in Biswanath) ।

সাতমপুৰুষীয়া ৰীতি নীতিৰে পুৱাতেই চহা কৃষকে ওচৰৰ নৈ-বিল-পুখুৰীলৈ লৈ যায় নিজৰ গোধন কেইটাক ৷ তাতেই গৰু নোৱায়-ধুৱায় দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই গৰুৰ দীৰ্ঘায়ু আৰু শ্ৰীবৃদ্ধি কামনা কৰে ৷ সন্ধিয়ালৈ গৰুক আদৰ-সাদৰেৰে গোহালিলৈ অনা হয় ৷

পিচত নতুন পঘাৰে গৰুক বন্ধাৰ উপৰিও গোহালি আৰু পদূলিত মৰলীয়া বন, অগৰু বন আৰু তুঁহৰ জাগ দি মাখিয়তী গছৰ পাত তথা ন-বিছনীৰে বিচি পিঠা-পনা খোৱা হয় । এনেদৰে এতিয়া বিশ্বনাথতৰ বিহালী ৰাংছালী গাঁওবাসী গৰু বিহু বুলি ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Garu Bihu Celebrated in Assam : মৰিগাঁৱত গৰু বিহুৰ উছাহৰ ঢল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.