Gandhi Jayanti 2023:গান্ধী জয়ন্তীত ৰঙিয়াত আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণ - ৰঙিয়াৰ আদৰ্শ চিকিৎসালয়
🎬 Watch Now: Feature Video


Published : Oct 2, 2023, 2:18 PM IST
ৰঙিয়া, ২ অক্টোবৰ: আজি গান্ধী জয়ন্তী উপলক্ষে ৰঙিয়াৰ আদৰ্শ চিকিৎসালয়ত ৰাইজৰ মাজত আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণ কৰা হয় । এই উপলক্ষে চিকিৎসালয়খনত আয়োজন কৰা এক অনুষ্ঠানত ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই অংশগ্ৰহণ কৰে । চিকিৎসালয়খনৰ উপ-অধীক্ষক নৱনীতা বৰাই আঁতধৰা এই অনুষ্ঠানটোত বিধায়ক ভবেশ কলিতাই ৰঙিয়াৰ হিতাধিকাৰীৰ মাজত কাৰ্ড সমুহ বিতৰণ কৰে ।
উক্ত অনুষ্ঠানটোত বিধায়কগৰাকীয়ে ভাষণ প্ৰসংগত মহামানৱ মহাত্মা গান্ধীক স্মৰণ কৰি কয় যে জাতিৰ পিতাগৰাকীয়ে এখন মহান দেশৰ সপোন দেখিছিল । সেই সপোন পূৰণৰ দায়িত্ব বৰ্তমান আমাৰ । সভাখনৰ অন্তত বিধায়কগৰাকীয়ে উপস্থিত ৰাইজৰ লগতে ৰোগীৰ লগত মত বিনিময় কৰে । তেওঁ চিকিৎসালয়খনো পৰিদৰ্শন কৰে ।
লগতে পঢ়ক:Gandhi Jayanti 2023: মহামানৱ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন অসম সাহিত্য সভাৰ