Noonmati Murder case: নুনমাটিত ড্ৰাগছৰ বাবে বন্ধুৱে বন্ধুক কৰিলে নৃশংস হত্যা - Friend murdered killed friend
🎬 Watch Now: Feature Video


Published : Oct 8, 2023, 2:25 PM IST
গুৱাহাটী, 8 অক্টোবৰ: মহানগৰীত পুনৰ আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড । নুনমাটিৰ গণেশ মন্দিৰ পথৰ ১২ নং উপ পথৰ বিজয়া জ্যোতি এপাৰ্মেটন্টৰ তৃতীয় মহলাৰ 3C নম্বৰ ফ্লেটত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা । ড্ৰাগছ আসক্ত যুৱকে মাৰপিট কৰি বামুনীমৈদামৰ এজন যুৱকক হত্যা কৰে ।
শনিবাৰে সন্ধিয়া প্ৰায় 6 মান বজাত এই ঘটনা সংঘটিত হৈছে ৷ মৃত যুৱকজন বামুনীমৈদামৰ ৰে’লৱে কলনীৰ ৰোহিত দৰ্জী (23) বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, ফ্লেটটোৰ নিবাসী কাকলি বৰাৰ সৰু পুত্ৰ শুভ্ৰজিত বৰাৰ সৈতে ৰোহিত দৰ্জীয়ে শনিবাৰে পুৱাৰে পৰা আছিল । শুভ্ৰজিতে বৰাই ৰোহিত দৰ্জীক ফ্লেটটোৰ ভিতৰতে হত্যা কৰি লিফ্টেৰে নমাই গণেশ মন্দিৰ পথৰ 14 নং উপ পথত পেলাই থৈ যায় ৷
ইফালে এই হত্যাকাণ্ড সংঘটিত কৰি শুভ্ৰজিত বৰাই নিজৰ স্কুটীখন লৈ মৃতদেহটো পেলাবলৈ নিবলৈ যোজা কৰাৰ সময়তে স্থানীয় ৰাইজে দেখা পাই ততালিকে নুনমাটি আৰক্ষীক খবৰ দিয়ে । তেনে সময়তে স্কুটী থৈ পলায়ন কৰে শুভ্ৰজিতে ।
পাচত ঘটনা সন্দৰ্ভত মৃত যুৱকজনৰ পিতৃয়ে নুনমাটি থানাত এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিতেই সম্প্ৰতি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ ইফালে যুৱকজনক হত্য়া কৰি স্কুটীত লৈ যোৱা সমগ্ৰ ঘটনা চিচিটিভিত বন্দী হৈছে ৷ ড্ৰাগছৰ বাবে এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে । বৰ্তমানো পলাতক হৈ আছে হত্যাকাৰী শুভ্ৰজিত বৰা ৷
লগতে পঢ়ক: Burmese Supari at Raha: ৰহাত 25 বস্তা বাৰ্মিজ চুপাৰি জব্দ, আটক ডাম্পাৰৰ চালক