thumbnail

গঁড়ৰ মুক্ত বিচৰণত ত্ৰাসিত মাজুলীবাসী

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 8:23 AM IST

মাজুলী,৩১ ডিচেম্বৰ: মিনি কাজিৰঙালৈ যেন পৰিণত হৈছে সত্ৰনগৰী মাজুলী । কেতিয়াবা যদি মাজুলীত বনৰীয়া হাতীৰ আতংক, কেতিয়াবা আকৌ বাঘৰ আতংক । মুঠতে বন্যজন্তুৰ ত্ৰাসত দিন কটাবলগীয়া হৈছে মাজুলীৰ বিভিন্ন প্ৰান্তৰ ৰাইজে । এইবাৰ আকৌ মাজুলীত গঁড়ৰ মুক্ত বিচৰণ । মাজুলীৰ খোৰাহোলা অঞ্চলত এটা আঘাতপ্ৰাপ্ত গঁড়ৰ মুক্ত বিচৰণ ।

গকুল শইকীয়া নামৰ লোকজনৰ ঘৰৰ বাৰীত আশ্ৰয় লৈ আছিল গঁড়টোৱে । গড়টোৱে মুক্ত বিচৰণ কৰাৰ খবৰপোৱা মাত্ৰকে উক্ত স্থানত উপস্থিত হয় বন বিভাগৰ লোক । খাদ্যৰ সন্ধানত বনাঞ্চলৰপৰা জনাঞ্চললৈ ওলাই অহা গঁড়টোক বনবিভাগে খেদি পঠিয়াবলৈ সক্ষম হয় যদিও বৰ্তমানো গঁড়ৰ আতংক অব্যাহত অঞ্চলটোত । সেয়ে বন বিভাগ অঞ্চলটোৰ লোকক আতংকিত নহৈ সাৱধান হ'বলৈ আহ্বান জনায় স্থানীয় লোকে । ইফালে গঁড়টো চাবলৈ ভিৰ কৰা একাংশই ফটো ভিডিঅ' সংগ্ৰহ কৰিবলৈ গড়টোৰ কাষ চাপি যোৱাত মানুহৰ মাজলৈ চোঁচা লোৱাও পৰিলক্ষিত হয় । 

লগতে পঢ়ক: কাজিৰঙাৰ গঁড় সুৰক্ষাৰ স্বাৰ্থত আনভাইনচ নামৰ বেচৰকাৰী সংগঠনৰ ব্যতিক্ৰমী পদক্ষেপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.