Rhino scare: মাজুলীত গঁড়ৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ - Rhino destroyed crop in Majuli
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17296457-1042-17296457-1671854368512.jpg)
সত্ৰনগৰী মাজুলীত পুনৰ গঁড়ৰ আতংক (Rhino scare in Majuli)। মধ্য মাজুলী বামুণগাৱত দুটাকৈ গঁড়ৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ পৰিছে ৰাইজ । পুৱাই গাঁৱৰ লোকসকলে গঁড় দুটা প্ৰত্যক্ষ কৰে । ইফালে গঁড় দুটা খেদি পঠিওৱাৰ বাবে গাঁওবাসীয়ে চেষ্টা অব্যাহত ৰাখিছে । উল্লেখ্য যে যোৱা কেইবামাহো ধৰি মাজুলীৰ বিভিন্ন অঞ্চলত কেইবাটাও গঁড়ে মুক্ত বিচৰণ কৰি আছে (Free movement of Rhinos in Majuli)। কিন্তু গঁড় কেইটাক কাজিৰঙালৈ খেদি পঠিওৱাত সম্পূৰ্ণ ব্যৰ্থ হৈছে মাজুলীৰ বনবিভাগ । কোনো কোনো স্থানত বন বিভাগেও গঁড় খেদি পঠিওৱাৰ বাবে পদক্ষেপ লৈছে যদিও বিফল হৈছে । ইফালে মুক্ত বিচৰণ কৰা গঁড় কেইটাই মাজুলীৰ বিভিন্ন ঠাইত কৃষকৰ খেতিপথাৰো নষ্ট কৰিছে (Rhino destroyed crop in Majuli)। সেয়েহে গঁড় কেইটাক খেদি পঠিওৱাৰ বাবে জিলা উপায়ুক্তগৰাকীৰ হস্তক্ষেপ বিছাৰিছে মাজুলীৰ স্থানীয় ৰাইজে । জানিব পৰা মতে মাজুলীৰ কেৰেলা চাপৰি, চামগুৰি, বাঘ গাঁও, দক্ষিণ মাজুলীৰ ভিন্ন চৰ-চাপৰি অঞ্চলত ৫ টাকৈ গঁড়ে মুক্ত বিচৰণ কৰি আছে ।
Last Updated : Feb 3, 2023, 8:36 PM IST