Moirabari police arrested four thieves:চুৰি কৰা ই-ৰিক্সা সহ চাৰি চোৰ মৈৰাবাৰী আৰক্ষীৰ জালত

By

Published : Aug 9, 2023, 5:10 PM IST

thumbnail

ধিং, 9 আগষ্ট : বিগত কেইবাদিন ধৰি মৈৰাবাৰী অঞ্চলত আতংকৰ সৃষ্টি কৰি অহা চাৰি কুখ্যাত চোৰক অৱশেষত মৈৰাবাৰী আৰক্ষীয়ে এখন চুৰি হোৱা ই-ৰিক্সাসহ কৰায়ত্ত কৰিবলৈ সক্ষম হয় । মৈৰাবাৰী বজাৰ এলেকাধীন অঞ্চলবোৰত নিশা হ’লেই বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত বিগত কিছুদিন ধৰি চুৰিকাণ্ড সংঘটিত হৈ আহিছে যদিও আৰক্ষীয়ে হাতে লোটে চোৰ কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাছিল ।

বিগত এক মাহে দহখনৰো অধিক দোকানত চুৰিকাণ্ড সংঘটিত কৰি অজ্ঞাত চোৰে লুটি নিছিল কেইবা লাখ টকাৰ সা-সামগ্ৰীৰ লগতে কেইবাখনো ই-ৰিক্সা । ভুক্তভোগী লোকসকলৰ এজাহাৰৰ ভিত্তিত মৈৰাবাৰী আৰক্ষী তৎপৰতাৰে সষ্টম হৈ পৰাত যোৱা নিশা মৈৰাবাৰী বজাৰ এলেকাত নিশা টহল দি থকা অৱস্থাত এখন চুৰি হোৱা ই ৰিক্সাসহ হাতে লোটে কৰায়ত্ত কৰে চাৰিটাকৈ চোৰক ।

কৰায়ত্ত কৰা চোৰ কেইটা ক্ৰমে মৈৰাবাৰী ৰে’লৱে কলনিৰ গুলজাৰ হুছেইন, আশ্বিকুল ইছলাম, নগাঁও জিলাৰ জুৰিয়াৰ খাটোৱাল গাঁৱৰ আবুল হুছেইন আৰু ৰূপহীৰ আদাখোন্দা গাঁৱৰ ৰাশ্বিদুল হক বুলি জানিব পৰা গৈছে । ইয়াৰে আশ্বিকুল ইছলাম পূৰ্বেও ড্ৰাগছ ব্যৱসায় আৰু চুৰিকাণ্ড সংঘটিত কৰি কেইবাবাৰো জেল হাজোতলৈ গৈছে । ধৃত চোৰ কেইটাৰ বিৰুদ্ধে মৈৰাবাৰী আৰক্ষীয়ে গোচৰ ৰুজু কৰি চুৰিকাণ্ড সন্দৰ্ভত চাৰিওকে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Guwahati theft incident:পাথৰকোৱেৰীৰ মেগজিনত পুৱতি নিশা চুৰিকাণ্ড

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.