Suspected murder case: যুৱতী হত্যাৰ অভিযোগত এবিএমছুৰ নেতাসহ 4 অভিযুক্তক গ্ৰেপ্তাৰ - এবিএমছুৰ নেতাসহ ৪ অভিযুক্তক গ্ৰেপ্তাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 4, 2023, 6:54 PM IST

অভয়াপুৰী, 4 এপ্ৰিল: বঙাইগাঁও জিলাৰ মানিকপুৰত ভয়ংকৰ ঘটনা ৷ মঙলবাৰে মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লুংঝাৰ গাঁৱৰ এগৰাকী যুৱতীক চিৰাঙ জিলাৰ ৪নং দক্ষিণ মাক্ৰাত হত্যাৰ অভিযোগত এবিএমছুৰ নেতাসহ 4 জনক গ্ৰেপ্তাৰ কৰে মাণিকপুৰ আৰক্ষীয়ে (Suspected murder case)। 

জানিব পৰামতে যোৱা 23 মাৰ্চত চিৰাঙৰ 4 নং মাক্ৰাৰ জমিৰ আলী নামৰ এজন যুৱকৰ এগৰাকী যুৱতীগৰাকীৰ বিবাহৰ বাবে আলোচনা হৈছিল ৷ কিন্তু পিচলৈ দুয়োপক্ষৰ মাজত পছন্দক লৈ মতানৈক্য হোৱাত 25 মাৰ্চ তাৰিখে যুৱতীগৰাকীক পলুৱাই লৈ যায় যুৱকজনে । যুৱতীগৰাকীক পলুৱাই নিয়াৰ পিচতে  যুৱতী গৰাকীৰ ভাতৃক চিৰাঙৰ মাক্ৰা লৈ মাতি নি দুয়োৰে বিবাহৰ আলোচনা কৰে যদিও যুৱকজনৰ বিবাহৰ বাবে উপযুক্ত বয়স নোহোৱাত বিবাহৰ কাৰণে যুৱতীগৰাকীৰ ভাতৃ অমান্তি হয় । 

কিন্তু যুৱতীগৰাকীয়ে নিজ ভাতৃক জমিৰৰ লগতহে বিবাহপাশত বহিব বুলি বুজোৱাত তেওঁৰ ভাতৃ মান্তি হৈ জমিৰৰ বিবাহৰ উপযুক্ত বয়স হ’লে দুয়োকে বিয়া পাতি দিব বুলি কৈ ঘৰলৈ গুচি আহে ৷ আনকি যুৱতীগৰাকীৰ ভাতৃয়ে যুৱতীগৰাকীক তেওঁৰ লগত পুনৰ ঘৰলৈ উভতি যাব নেকি বুলি সোধাত যাবলৈ অমান্তি হয় যুৱতীগৰাকী ৷  

এই ঘটনাৰ পিচতে যোৱা ২ এপ্ৰিলত যুৱতীগৰাকীক নিশা নিজ ঘৰৰ সন্মুখত অচেতন অৱস্থাত পেলাই থৈ যায় ৷ লগে লগে যুৱতীগৰাকীৰ এনে ৰূপ দেখি ঘৰৰ লোকে হুৱাদুৱাৰ সৃষ্টি কৰে ৷ ঘৰৰ লোকে যুৱতীগৰাকীক হাস্পতাললৈ নিবলৈ লয় যদিও যুৱতীগৰাকীৰ তাতেই মৃত্যু হয় (Murder case at Manikpur)৷ সম্প্ৰতি এই ঘটনা সংক্ৰান্তত মৃত্যু যুৱতীগৰাকীৰ ভাতৃয়ে মানিকপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে (young girl suspected murder) ৷  

লগতে পঢ়ক:  Domestic violence : পুত্ৰ সন্তান জন্ম নিদিয়াৰ বাবে পত্নীক তালিবানী শাস্তি অধিবক্তা স্বামীৰ

আৰক্ষীয়ে কেচ নং 59/2023 US 306 IPC ত গোচৰ পঞ্জীয়ন কৰি সোমবাৰে নিশা এবিএমছুৰ নেতাসহ 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা চাৰিজন ক্ৰমে আমীৰ আলী, আকবৰ আলী, কুলছুন বেগম আৰু এবিএমছু নেতা শ্বহিদ আলী (4 arrested related to Manikpur murder case)। অভিযুক্তকেইটাক প্ৰাথমিক স্বাস্থ্যৰ অন্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.