Elephant Safari in Kaziranga : কাজিৰঙা অভিমুখে ৪ গজৰাজৰ গমন - Elephant Safari in Kaziranga

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 13, 2022, 1:57 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

পৰ্যটকৰ বাবে মুকলি হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park opened for tourists)। লগে লগে দেশী-বিদেশী পৰ্যটকৰো আগমন হ'বলৈ আৰম্ভ হৈছে । তাৰ প্ৰাকক্ষণত কাজিৰঙা অভিমুখে ৰাওনা হৈছে চম্পা, ৰঙিলী, বনমালা আৰু মইনা । ৰাজপথেৰে কাজিৰঙা অভিমুখে ৰাওনা হৈছে আটাইকেইটা । তেওঁলোক কোনো যুৱতী বা পৰ্যটক নহয় । ঘৰচীয়া হাতীৰ হে নাম এইকেইটা । পৰ্যটকক হাতী চাফাৰীৰ (Elephant safari in Kaziranga National Park) আনন্দ দিবলৈ এই হাতী কেইটা গমন কৰিছে কাজিৰঙালৈ (Four elephants are on their way to Kaziranga)। হাতী কেইটাৰ পিঠিত উঠিয়ে পৰ্যটকে চাব পাৰিব ৰাষ্ট্ৰীয় উদ্যান (Elephants brought to Kaziranga for elephant safari)। গুৱাহাটীৰ পৰা ৰাজপথেৰে গৈ কলিয়াবৰত উপস্থিত হৈছে হাতী কেইটা । কলিয়াবৰত কিছু সময়ৰ বাবে ৰৈছে হাতী কেইটা । হাতী কেইটাৰ গৰাকী আৰু মাউতসকলো আছে হাতী কেইটাৰ সৈতে । কেৱল গুৱাহাটী বুলিয়ে নহয় হাতী চাফাৰীৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অনা হৈছে হাতীবোৰ ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.