কাছাৰত সাংবাদিকসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ - ড্ৰাগছ সৰবৰাহত সাংবাদিক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-12-2023/640-480-20381028-thumbnail-16x9-suur.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 29, 2023, 10:56 AM IST
শিলচৰ, 29 ডিচেম্বৰ : এইবাৰ ড্ৰাগছ সৰবৰাহত নাম সাঙোৰ খালে সাংবাদিকৰ ৷ কাছাৰৰ বৰখলাত সাংবাদিকসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা উদ্ধাৰ কৰা হৈছে বুজন পৰিমাণৰ হেৰ’ইন ।
জানিব পৰা মতে, এক গোপন সূত্ৰৰ ভিত্তিত বৃহস্পতিবাৰে নিশা কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শিলচৰ হাফলং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰখলা টোল গেটত অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ হে’ৰইন । AS 06E 7979 নম্বৰৰ এখন মাৰুতি ছুইফ্ট বাহনখনত তালাচী চলাই আৰক্ষীয়ে দুটা চাবোনৰ বাকচৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ হে’ৰইন ।
ধৃত সৰবৰাহকাৰীকেইটা হৈছে মুন্না খান, আজাউৰ ৰহমান, আচিবুৰ ৰহমান আৰু বিশাল বৈদ্য । ইয়াৰে মাজত মুন্না খানৰ পৰা আৰক্ষীয়ে এখন প্ৰেছ আই ডি কাৰ্ড জব্দ কৰিছে । আই ডি কাৰ্ডখনত লিখা অনুসৰি, মুন্না খান অসমৰ এক ব্যক্তিগত নিউজ চেনেলৰ চৰাইদেউৰ ভিডিঅ’ জাৰ্ণেলিষ্ট । সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷